ETV Bharat / state

সৰিয়হৰ ডুলিতে ভূত, দিছপুৰ সচিবালয়ত বিজেপি নেতাৰ প্ৰৱঞ্চনাৰ বৃহৎ জাল - Assam Secretariat - ASSAM SECRETARIAT

Fraud in Assam Secretariat : দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্লোগান দিয়া বিজেপি নেতৃত্বধীন চৰকাৰৰ দিনত খোদ দিছপুৰ সচিবালয়তে প্ৰৱঞ্চক চক্ৰৰ বৃহৎ জাল । এই প্ৰৱঞ্চনাৰ মূল মাষ্টাৰমাইণ্ডৰ ৰূপত বিজেপি নেতা । বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ লগতে এজন প্ৰাক্তন কৰ্মচাৰীক গ্ৰেপ্তাৰ ।

Fraud in Assam Secretariat
দিছপুৰ সচিবালয়ত বিজেপি নেতাৰ প্ৰৱঞ্চনাৰ বৃহৎ জাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 24, 2024, 10:42 PM IST

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্লোগান আওৰোৱা বিজেপি নেতৃত্বধীন চৰকাৰৰ দিনত খোদ দিছপুৰ সচিবালয়তে প্ৰৱঞ্চক চক্ৰৰ বৃহৎ জাল । দিছপুৰ সচিবালয়ৰ ভিতৰত বিজেপি নেতাই প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ কথা শেহতীয়াকৈ পোহৰলৈ অহাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এই প্ৰৱঞ্চনাৰ মূল মাষ্টাৰমাইণ্ডৰ ৰূপত আছে খোদ বিজেপি নেতা অসীম দাস । ইতিমধ্যে অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক অসীম দাসৰ লগতে ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকীক। আনহাতে, বৰ্তমানো পলাতক হৈ আছে চক্ৰটোৰ কেইবাগৰাকীও সদস্য ।

Fraud in Assam Secretariat
প্ৰৱঞ্চক অসীম কুমাৰ দাস (ETV Bharat Assam)

উত্থাপিত অভিযোগ অনুসৰি, এই চক্ৰটোৱে অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষত জি আৰ সামগ্ৰী যোগান ধৰাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ জাৰি কৰি বাংগালুৰুৰ মানফো এক্সপ’ৰ্টছ নামৰ কোম্পানী আৰু নয়দাৰ পৰা প্ৰণ্টিয়াছ আই টি (প্ৰাইভেট) লিমিটেডৰ নামত লুণ্ঠন কৰিছিল কোটি কোটি টকা ।

চক্ৰটোৱে বিভিন্ন উন্নয়ন পৰিষদৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ (work order) উলিয়াই ব্যৱসায়ীক প্ৰতাৰণা কৰি আহিছিল । আদিবাসী উন্নয়ন পৰিষদ, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু অন্যান্য উন্নয়ন পৰিষদৰ নামত ভুৱা কামৰ ৱৰ্ক অৰ্ডাৰ উলিয়াই কেইবা কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ বিৰুদ্ধে দিছপুৰ থানাত 182/2024 নংত গোচৰ আৰু অপৰাধ শাখাত 13/2024 নম্বৰত দুটাকৈ গোচৰ ৰুজু হৈছিল ।

Fraud in Assam Secretariat
প্ৰৱঞ্চক বিৰিঞ্চি বৰকটকী (ETV Bharat Assam)

দিছপুৰ থানাৰ 182/2024 নম্বৰ গোচৰ অনুসৰি, এই দলটোৱে অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষত জি আৰ সামগ্ৰী যোগান ধৰাৰ নামত মানফো এক্সপ'ৰ্টছৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ জাৰি কৰি ৩.৭৭ কোটি টকা সৰকাইছিল । অপৰাধ শাখাত ৰুজু হোৱা গোচৰ অনুসৰি, অসীম দাস, বি এন শৰ্মা, অমিত জালালি, দেৱ প্ৰকাশ ভাগৱতী, জাকিৰ হুছেইন আৰু অন্যান্যসকলে সামগ্ৰী যোগানৰ বাবে প্ৰণ্টিয়াছ আই টি (প্ৰাইভেট) লিমিটেডৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ জাৰি কৰাৰ একেই পদ্ধতি ব্যৱহাৰ কৰি 4 কোটি টকা আত্মসাৎ কৰিছিল ।

প্ৰৱঞ্চকসকলে আনকি অসম সচিবালয়ৰ কনফাৰেন্স হলত এজন ভুৱা যুটীয়া সচিবৰ সৈতে বৈঠকৰ আয়োজন কৰিছিল আৰু প্ৰৱঞ্চিত কোম্পানীটোৰ ব্যক্তিসকলৰ আস্থা অৰ্জন কৰিবলৈ নথিপত্ৰত স্বাক্ষৰ কৰিছিল ।

অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰা ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকীয়ে বি এন শৰ্মা বুলি এ চি এছ হিচাপে ভুৱা নাম লৈ অসম চৰকাৰৰ ভুৱা যুটীয়া সচিব হিচাপে কাম কৰিছিল আৰু সচিবালয় চৌহদ আৰু মন্ত্ৰী কল'নী চৌহদত সভা অনুষ্ঠিত কৰিছিল । সমগ্ৰ ঘটনাটোৰ মূল মাষ্টাৰমাইণ্ড হৈছে অসীম দাস ।

লগতে পঢ়ক :অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা ! কেনেদৰে কোটিপতি হৈছিল বিশাল ফুকন ? - ONLINE TRADING SCAM
লগতে পঢ়ক :নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল, কেবিনেটত অনুমোদন ১৪৮.৫৫ কোটি - Assam Cabinet Meeting

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.