ETV Bharat / state

এইবাৰ একেলগে জেৰাৰ সন্মুখীন হ'ব বিশাল, চুমী আৰু তাৰ্কিক - Bishal Phukan Online Trading Scam - BISHAL PHUKAN ONLINE TRADING SCAM

Online trading scam : এইবাৰ আৰক্ষীৰ জিম্মাত একেলগে জেৰাৰ সন্মুখীন হ'ব বিশাল ফুকন, চুমী বৰা আৰু তাৰ্কিক বৰা । বিশাল ফুকন, চুমী বৰা আৰু তাৰ্কিক বৰাক দুদিনৰ বাবে বৰবৰুৱা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ।

Online Trading Scam
এইবাৰ একেলগে জেৰাৰ সন্মুখীন হ'ব বিশাল, চুমী আৰু তাৰ্কিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 24, 2024, 10:48 PM IST

ডিব্ৰুগড়, ২৪ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিং কেলেংকাৰী কৰি কোটি কোটি টকাৰ গৰাকী হোৱা বিশাল ফুকন, চুমী বৰা আৰু তাৰ্কিক বৰাক দুদিনৰ বাবে বৰবৰুৱা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ । এইবাৰ আৰক্ষীৰ জিম্মাত একেলগে জেৰাৰ সন্মুখীন হ'ব বিশাল ফুকন, চুমী বৰা আৰু তাৰ্কিক বৰা ।

বৰবৰুৱা আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি, বৰবৰুৱা আৰক্ষী থানাত বিশাল ফুকনৰ পাৰ্চেলিয়া কোম্পানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এগৰাকী ভুক্তভোগীয়ে । বৰবৰুৱা আৰক্ষীয়ে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰি বিশাল, চুমী আৰু তাৰ্কিকক নিজৰ জিম্মাত বিচাৰিছিল । ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীৰ আবেদনৰ পাছতে অনলাইন বিত্তীয় কেলেংকাৰীৰ মহানায়ক বিশাল ফুকন, চুমী বৰা আৰু তাৰ্কিক বৰাক ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীক দুদিনৰ জিম্মাত প্ৰদান কৰে ডিব্ৰুগড় জিলা সত্ৰ আৰু ন্যায়ধীন আদালতে ।

এইবাৰ একেলগে জেৰাৰ সন্মুখীন হ'ব বিশাল, চুমী আৰু তাৰ্কিক (ETV Bharat Assam)

মঙলবাৰে নিশা ৮ বজাত এক নিৰ্দেশনাযোগে এই ৰায়দান প্ৰদান কৰে । এই ৰায় অনুসৰি, আগন্তুক দুদিন ধৰি ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীৰ জিম্মাত থাকিব বিশাল, চুমী আৰু তাৰ্কিক ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ডিব্ৰুগড় সদৰ থানাত ডিব্ৰুগড়ৰ সদৰ আৰক্ষীয়ে নিজাকৈ 352/24 নংত গোচৰ পঞ্জীয়ন কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Act-ৰ অধীনত প্ৰথমে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা পাছতে বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ সহযোগী চুমী-তাৰ্কিক আৰু তাৰ পিছত অম্লানক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ।

বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ গোচৰত চুমী-তাৰ্কিক গ্ৰেপ্তাৰ হ'বলগা হৈছিল যদিও আজিলৈকে একেলগে জেৰাৰ সন্মুখীন হোৱা নাছিল তিনিওজন । কিন্তু এইবাৰ বৰবৰুৱা আৰক্ষীয়ে প্ৰথমবাৰলৈ একেলগে জেৰা চলাব বিশাল ফুকন আৰু চুমী-তাৰ্কিকক ।

আনহাতে, মঙলবাৰে ডিব্ৰুগড় আৰক্ষীয়ে জব্দ কৰে বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ টকাৰে ক্ৰয় কৰা চুমী বৰাৰ এখন বিলাসী বাহন । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, গুৱাহাটীৰ চুমী বৰাৰ ফ্লেটৰ পৰা AS01 FW0006 নম্বৰৰ Mahindra XUV700 বাহনখন জব্দ কৰি মঙলবাৰে ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে STF-ৰ দলে ।

ইয়াৰ সমান্তৰালভাৱে ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰা জিংকি মিলি মঙলবাৰে পুনৰ উপস্থিত হয় তদন্তকাৰী বিষয়াৰ সন্মুখত । উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰি যোৱা ২০ ছেপ্টেম্বৰত প্ৰথমবাৰ ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈছিল চুমী বৰাৰ বৌৱেক জিংকি মিলি । কিন্তু আজিও ৰসহ্যজনকভাৱে পলাতক চুমী বৰাৰ ভাতৃ ৰাজীৱ বৰা ।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত জিংকি মিলিয়ে কয়, "মোক মঙলবাৰে ষ্টেটমেণ্টৰ বাবে মাতিছিল । সেয়ে আহিছো । এজাহাৰত মোৰ নাম নাই । সেই বাবে মোক জামিন দিছে । এতিয়া মিডিয়াৰ ট্ৰায়েল চলি আছে ।"

লগতে পঢ়ক :টীম 'চিকাৰ' চাইবাৰ অপৰাধ শাখাৰ কাৰ্যালয়ত কিয় ? - TEAM SIKAAR FILES CASE
লগতে পঢ়ক :৩ দিনৰ আৰক্ষীৰ জিম্মাত তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰা - Online Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.