ETV Bharat / snippets

গ্ৰীষ্ম প্ৰৱাহৰ বাবে শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়সূচীৰ সাল-সলনি

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2024, 7:27 PM IST

Heat Wave in Nalbari
জিলা শিক্ষা বিষয়াৰ নিৰ্দেশনা (ETV Bharat Assam)

নলবাৰী,২১ ছেপ্টেম্বৰ : কহুৱা ফুলাৰ সময়তো প্ৰখৰ ৰ'দে দহিছে ৰাজ্য । যেন অগ্নিকুণ্ডলৈহে পৰিণত হৈছে ৰাজ্য ৷ দিনক দিনে তাপমাত্ৰা বৃদ্ধি পোৱাত বহু বিদ্যালয়ত শিক্ষাৰ্থীয়ে গৰমৰ বাবে মূৰ্চা যোৱাৰ ঘটনা সংঘটিত হৈছে । সেয়েহে বিদ্য়ালয়সমূহৰ পাঠদানৰ সময়সূচীৰ সালসলনি কৰিছে জিলা প্ৰশাসনে ।

শনিবাৰে নলবাৰী জিলা প্ৰশাসনে জিলাখনৰ শিক্ষানুষ্ঠানসমূহলৈ জাৰি কৰে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা । জিলা প্ৰশাসনে এক পত্ৰ যোগে অহা ২৩ ছেপ্টেম্বৰৰ পৰা সকলো শিক্ষানুষ্ঠানে পূৰ্বৰ সময়ৰ বিপৰীতে পুৱাৰ ভাগতেই কৰাব লাগিব পাঠদান প্ৰক্ৰিয়া । পুৱা ৭:৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পাঠদান চলাবলৈ নিৰ্দেশ দিছে জিলা শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.