ETV Bharat / international

ইজৰাইলৰ আক্ৰমণ : লেবাননৰ ৰাজধানী বেইৰুটত ২৯ জন নিহত - ISRAELI STRIKES

লেবাননত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ ৷ এই আক্ৰমণত কেইবা ডজন লোকৰ লগতে বেইৰুটত ২৯ জন লোক নিহত হোৱাৰ তথ্য লাভ কৰা গৈছে ৷

Israeli strikes kill dozens in Lebanon, 29 dead in Beirut attack
ইজৰাইলৰ আক্ৰমণ (ANI)
author img

By ANI

Published : Nov 25, 2024, 7:08 AM IST

বেইৰুট (লেবানন): সমগ্ৰ লেবাননতে ইজৰাইলৰ ধাৰাবাহিক বিমান আক্ৰমণৰ ফলত ইতিমনধ্যে কেইবা ডজন লোকৰ মৃত্যু হৈছে ৷ বিশেষকৈ লেবাননৰ ৰাজধানী বেইৰুটৰ ঘন জনবসতিপূৰ্ণ বাষ্টা অঞ্চলত বহুমহলীয়া আৱাসিক ভৱনৰ এক ভয়াৱহ আক্ৰমণত ২৯ জন লোকৰ মৃত্যু হৈছে ।

IDF ৰ তথ্য মতে, ইজৰাইলৰ বায়ুসেনাই বেইৰুটৰ ডাহিয়েহত থকা ১২টা হিজবুল্লাহ কমাণ্ড চেণ্টাৰত আক্ৰমণ কৰে, য’ত হিজবুল্লাহৰ চোৰাংচোৱা ইউনিট, উপকূলৰ পৰা সাগৰলৈ ক্ষেপণাস্ত্ৰ ইউনিট আৰু ইউনিট ৪৪০০ – যিয়ে চোৰাংচোৱাৰ বাবে দায়বদ্ধ লেবাননত অস্ত্ৰ-শস্ত্ৰৰ জৰিয়তে ইৰাণৰ পৰা ছিৰিয়ালৈ আক্ৰমণৰ সমন্বয় কৰে ।

সংবাদ সংস্থা ANI ৰ বাতৰিত প্ৰকাশিত তথ্য মতে, IDF-এ কয় যে এই কমাণ্ড চেণ্টাৰসমূহৰ সহায়ত ইজৰাইলৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা, কমাণ্ড আৰু সম্পন্ন কৰা হৈছিল আৰু দক্ষিণ লেবাননত কাৰ্যকৰী আইডিএফৰ সৈন্যৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ নিৰীক্ষণ কৰা হৈছিল ।

ইফালে, লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে মৃত্যুৰ সংখ্যা ওপৰলৈ সংশোধন কৰি প্ৰথমে ২০ জন লোকৰ মৃত্যুৰ খবৰ দিয়াৰ পিছত ইয়াৰ সংখ্যা আৰু অধিক বুলি নিশ্চিত কৰে । ইজৰাইলী বিমান আক্ৰমণৰ কৰুণ পৰিণতি স্পষ্ট হৈ পৰাৰ সময়তো উদ্ধাৰকাৰী দলসমূহে সপ্তাহৰ শেষৰ ফালে কাম কৰিয়ে থাকে ।

লগতে পঢ়ক : লেবাননত ইজৰাইলৰ আক্ৰমণ; হিজবুল্লাহৰ মিডিয়া প্ৰমুখকে ধৰি ১১ জন নিহত, বহু আহত

ইজৰাইলে যুদ্ধবিৰতি স্থাপনৰ প্ৰচেষ্টা চলোৱাৰ পিছতো হিজবুল্লাহৰ বিৰুদ্ধে আক্ৰমণাত্মক সামৰিক অভিযান অব্যাহত ৰখাৰ সময়তে সমগ্ৰ দেশতে সংঘটিত হোৱা কেইবাটাও বিমান আক্ৰমণৰ ভিতৰত বেইৰুটৰ অন্যতম । IDF-এ নিশ্চিত কৰিছে যে বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত তেওঁলোকৰ আক্ৰমণে হিজবুল্লাহৰ স্থানসমূহক লক্ষ্য কৰি লৈছিল ।

ইজৰাইলৰ সেনাই অসামৰিক লোকৰ হতাহতি হ্ৰাস কৰাৰ বাবে অঞ্চলটোৰ কেইবাটাও অট্টালিকা খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছিল যদিও ক্ষতিগ্ৰস্ত লোকসকলে প্ৰচণ্ড বোমাবৰ্ষণৰ খবৰ দিয়ে । CNN ৰ বাতৰি অনুসৰি, যোৱা দেওবাৰে হিজবুল্লাহৰ মুখপাত্ৰৰ মৃত্যু হোৱা একেধৰণৰ বিমান আক্ৰমণৰ পিছত ইজৰাইলৰ এই আক্ৰমণৰ ফলত মধ্য বেইৰুটত ইজৰাইলৰ বিমান আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে ।

লগতে পঢ়ক : 4B আন্দোলন কি ? আমেৰিকাত ই কিয় অধিক সক্ৰিয়তা লাভ কৰিছে ?

বেইৰুটৰ বাহিৰত ইজৰাইলী বিমান আক্ৰমণত পূব লেবাননৰ বালবেক-হাৰ্মেল অঞ্চলকো লক্ষ্য কৰি লোৱা হয়, য’ত শ্বমাইষ্টাৰৰ ওপৰত আক্ৰমণত চাৰিটা শিশুকে ধৰি কমেও ১৩ জন লোকৰ মৃত্যু হয় । সেই আক্ৰমণত আন ১৩ জন আহত হোৱাৰ বিপৰীতে আশে-পাশে থকা চহৰসমূহত অতিৰিক্ত বিমান আক্ৰমণৰ ফলত কমেও ১১ জন লোকৰ মৃত্যু হয় আৰু ৩২ জন আহত হয় । দক্ষিণ লেবাননত টায়াৰ চহৰকো লক্ষ্য কৰি লোৱা হয় ৷ ইজৰাইলৰ বোমাবৰ্ষণত ৫ জন লোক নিহত হোৱাৰ লগতে ১৯ জন আহত হয় ।

ছেপ্টেম্বৰৰ পৰা ইজৰাইলৰ বিমান আক্ৰমণত হিজবুল্লাহৰ কেইবাজনো অধিনায়ক নিহত হোৱাৰ লগতে মূল আন্তঃগাঁথনি লক্ষ্য কৰি দক্ষিণ লেবাননত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে । এই সংঘাতৰ ফলত লেবাননত ৩ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ১০ লাখৰো অধিক লোক স্থানচ্যুত হৈছে বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে । (ANI)

লগতে পঢ়ক : ৩০০ বিলিয়ন ডলাৰ জলবায়ু চুক্তি কি; কিয় অসন্তুষ্ট ভাৰত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.