thumbnail

By ETV Bharat Assamese Team

Published : 2 hours ago

ETV Bharat / Videos

পঞ্চভূতত বিলীন সহপাঠীৰ আক্ৰমণত নিহত ভৱেশ ডেকাৰ নশ্বৰ দেহ - Students Murder in Sipajhar

মঙলদৈ,২৪ ছেপ্টেম্বৰ: সোমবাৰে ছিপাঝাৰৰ পদুমপুখু্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱাইছিল ভৱেশ ডেকা নামৰ ছাত্ৰজনে । অৱশেষত ভৱেশ ডেকাৰ মৃতদেহ গুৱাহাটী মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষাৰ অন্তত মঙলবাৰে নিজা বাসগৃহ সেনাপতিপাৰা গাঁৱলৈ অনা হয় ৷ মৃতদেহ স্বগৃহত উপস্থিত হোৱাৰ লগে লগে পৰিয়াল আৰু আত্মীয় স্বজন আৰু হাজাৰ হাজাৰ গাওঁবাসীৰ মাজত কান্দোনৰ ৰোল উঠে । হাজাৰ হাজাৰ সমবেত লোকে অন্তিমবাৰৰ বাবে এবাৰ চাবলৈ হেতা ওপৰা লগায় ।  

মৃতদেহ স্ব-গৃহলৈ অনাৰ পূৰ্বে মহলীয়াপাৰা চকত ছাত্ৰ সন্থা, ব্যৱসায়ী সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত শেষ শ্ৰদ্ধাঞ্জলি জনাই ভৱেশ ডেকাক । পিছে, বিদ্যালয়ত পাঠদান চলি থকা সময়তে বিদ্যালয়খনৰ জ্যেষ্ঠ ছাত্ৰই হত্যা কৰা ভৱেশ ডেকাক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত নাথাকিল বিদ্যালয়খনৰ এজনো শিক্ষক-কৰ্মচাৰী । ঘটনা সংঘটিত হোৱাৰ ৩০ ঘন্টা অতিক্ৰম কৰাৰ পিছতো বিদ্যালয় বা মৃত ছাত্ৰগৰাকীৰ ঘৰত উপস্থিত নহ'ল বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকী । যাক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি এই ঘটনাৰ এক উচিত ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে । 

লগতে পঢ়ক: জোকোৱা-জুকিয়েই হ’লগৈ হত্যাকাণ্ডৰ কাৰণ ! জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু কনিষ্ঠ ছাত্ৰৰ - Students Murder in Sipajhar

ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত উত্তাল গোৱালপাৰা - STUDENT BRUTALLY BEATEN BY TEACHER

ৰেগিঙত জড়িত নহৈ ভাল মানুহ হোৱাৰ চেষ্টা কৰিব লাগে ছাত্ৰ-ছাত্ৰীয়ে: দেৱশীষ শৰ্মা - Morigaon JNV

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.