ETV Bharat / technology

উন্নত সুৰক্ষা বৈশিষ্ট্যৰ সৈতে ভাৰতত মুকলি হ’ল বাজাজ পালছাৰ NS 125 ABS - BAJAJ PULSAR NS 125 ABS LAUNCH

নতুন চেফটী বৈশিষ্ট্যৰ সৈতে বজাৰত মুকলি হ’ল বাজাজ পালছাৰ NS 125 ABS । বৈশিষ্ট্যৰ লগতে দাম কিমান হ’ব জানি লওক---

bajaj-pulsar-ns125-abs-variant-launched-in-india-at-rs-1-dot-07-lakh-in-assamese
উন্নত সুৰক্ষা বৈশিষ্ট্যৰ সৈতে ভাৰতত মুকলি হ’ল বাজাজ পালছাৰ NS 125 ABS (Bajaj Auto)
author img

By ETV Bharat Tech Team

Published : Feb 15, 2025, 5:13 PM IST

হায়দৰাবাদ: গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে বাজাজ অটোৰ আটাইতকৈ জনপ্ৰিয় বাইক পালছাৰৰ নতুন ভেৰিয়েন্ট, এই বাইকখন কোম্পানীটোৰ সৰ্বাধিক বিক্ৰী হোৱা মটৰ চাইকেল । কোম্পানীয়ে বাজাজ পালছাৰ NS 125 125 উন্নীত কৰিছে । এতিয়া গ্ৰাহকৰ সুৰক্ষাৰ বাবে এই বাইকত সংযোজন কৰা হৈছে একক চেনেল এবিএছ (এণ্টি-লক ব্ৰেকিং চিষ্টেম) বৈশিষ্ট্য । এই বৈশিষ্ট্য অন্তৰ্ভুক্ত হোৱাৰ পিছত এতিয়া এই বাইকখনে পূৰ্বতকৈ অধিক সুৰক্ষা প্ৰদান কৰিব গ্ৰাহকক । এই বাইকৰ উন্নীতকৃত মডেলটো যোৱা বছৰ মুকলি কৰা হৈছিল, 2024 চনৰ ভেৰিয়েণ্টত এল ই ডি ডেটাইম ৰান লেম্প আৰু হেল’জেন টাৰ্ণ ইনডিকেটৰৰ সৈতে নতুন হেডলেম্প অন্তৰ্ভুক্ত কৰা হৈছিল । এন্টি-লক ব্ৰেকিং চিষ্টেমৰ সৈতে মুকলি কৰা এই বাইকখনৰ মূল্য জানো আহক...

বাজাজ পালচাৰ NS 125 ABS মূল্য

বাজাজ অটোৰ নতুন পালছাৰৰ মূল্য 1 লাখ 06 হাজাৰ 739 টকা (এক্স শ্ব’ৰুম)। এই বাইকখনত নতুন ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰো থাকিব, যিটো প্ৰথমে পালছাৰ N160 আৰু পালছাৰ N150 ত আগবঢ়োৱা হৈছিল । এই ডিজিটেল ক্লাষ্টাৰত আপুনি বাস্তৱ সময়ৰ ইন্ধন খৰচ, স্পীডমিটাৰ, মাইলেজ আৰু গিয়াৰৰ অৱস্থান সূচকৰ দৰে তথ্য পাব । কেৱল এইটোৱেই নহয়, ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰে বাজাজ ৰাইড কানেক্ট এপ্লিকেচনৰ জৰিয়তে ব্লুটুথ সংযোগ সমৰ্থন কৰে । ইয়াৰ উপৰিও মোবাইল ফোন চাৰ্জ কৰাৰ বাবে ইউএছবি পৰ্টৰো ব্যৱস্থা কৰা হৈছে ।

ইঞ্জিনৰ স্পেচিফিকেশন

12 বিএইচপি শক্তি আৰু 11 এনএম টৰ্ক উৎপন্ন কৰে । 5 স্পীড ট্ৰেন্সমিছনৰ সৈতে অহা এই বাইকখনৰ সন্মুখত 240 মিমি ডিস্ক ব্ৰেক আৰু পিছফালে 130 মিমি ডিস্ক ব্ৰেক । কোম্পানীটোৱে দাবী কৰিছে যে এই বাইকে প্ৰতি লিটাৰ তেলত 64.75 কিলোমিটাৰ পৰ্যন্ত মাইলেজ দিয়ে ।

বাজাজ পালছাৰ NS125 ABS প্ৰতিদ্বন্দ্বী

বাজাজৰ এই জনপ্ৰিয় বাইকে হিৰো এক্সট্ৰিম 125R আৰু টিভিএছ ৰেইডাৰৰ সৈতে পোনপটীয়াকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । হিৰো মট’কৰ্পৰ এই বাইকখনৰ মূল্য 1.01 লাখ টকা (এক্স শ্ব’ৰুম), আনহাতে এই টিভিএছ বাইকৰ দাম 1.04 লাখ টকা (এক্স শ্ব’ৰুম)ৰ পৰা আৰম্ভ ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.