ডিলাইত কোটি টকাৰো অধিকমূল্যৰ সন্দেহযুক্ত হেৰ'ইনসহ সৰবৰাহকাৰী আটক - Anti Drugs Operation - ANTI DRUGS OPERATION
Published : May 18, 2024, 8:53 PM IST
ডিফু, ১৮ মে': ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কাৰ্বি-আংলং জিলাতো ধাৰাবাহিকভাৱে চলি আছে ড্ৰাগছ বিৰুদ্ধে তীব্ৰ অভিযান । শনিবাৰে পুৱা প্ৰায় ১২ বজাত অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি-আংলং জিলাৰ ডিলাইত বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ডিলাই আৰক্ষী ৷ মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন তেলৰ টেংকাৰৰ গোপন চেম্বাৰত লুকুৱাই অনা ৫০ টা চাবোনৰ বাকচত ৫৭৩'৬০ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷
হেৰ'ইনখিনিৰ সৈতে আৰক্ষীয়ে মণিপুৰৰ প্ৰিঞ্চ মাও নামৰ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য ১ কোটিতকৈ অধিক টকা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মৰ নেতৃত্বত চলোৱা তালাচী অভিযানত জব্দ কৰে নিষিদ্ধ ড্ৰাগছখিনি ।