অসম

assam

ETV Bharat / videos

আৰক্ষীৰ বাধা নেওচি বৰপেটাত পদাৰ্পণ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 7:35 PM IST

বৰপেটা, ২৩ জানুৱাৰী : ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা মঙলবাৰে বৰপেটা জিলাত পদাৰ্পণ কৰে ৷ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত অংশগ্ৰহণকাৰীসকলক জিলাখনত উষ্ম আদৰণি জনায় বৰপেটা জিলা কংগ্ৰেছে ৷ ইয়াৰ পিচতে বৰপেটা জিলাৰ গৰৈমাৰীৰ পৰা মাজদিয়ালৈ ৰাহুল গান্ধীয়ে পদযাত্ৰা কৰে ৷  

এই সময়ছোৱাত পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটা পৰিলক্ষিত হয় ৷ মাজদিয়াত ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰৰ লগতে  অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৷ এই ভাৰত জোড়ো ন্যায় যাত্ৰাত ৰাহুল গান্ধীক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকৰ লগতে কংগ্ৰেছৰ নেতা কৰ্মীসকলে ৷

লগতে পঢ়ক: ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিব অসম আৰক্ষীয়ে, ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details