অসম

assam

ETV Bharat / videos

ৰাস উপলক্ষে ত্ৰিশখন গাঁৱৰ মাজেৰে ভাগৱত লৈ ভ্ৰমণ - DHEMAJI BARNAMGHAR RAAS

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 6:45 PM IST

ধেমাজি: শৰতৰ স্নিগ্ধ নিশা খোল-তালৰ ধ্বনি, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত ৰাজ্য় । গকুল-মথুৰা-বৃন্দাবনলৈ পৰিণত হৈছে ৰাজ্য়ৰ বিভিন্ন প্ৰান্ত । আজিৰে পৰা কৃষ্ণৰ বাঁহীৰ মধুৰ গুঞ্জনেৰে মুখৰিত হৈছে আকাশ-বতাহ ৷

ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে ভক্তিৰসত ডুব গৈছে ধেমাজিৰ ঐতিহ্যমণ্ডিত মৰিধল আঞ্চলিক বৰনামঘৰ । এই  বৰনামঘৰত দুদিনীয়া কাৰ্যসূচীৰে ৬০ সংখ্যক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে । এই ৰাস মহোৎসৱৰ আজি প্ৰথম দিনা পুৱাই হৰিনামৰ ধ্বনিৰে অঞ্চলটোৰ আকাশ বতাহ মুখৰিত কৰি তুলিলে ভক্তপ্ৰাণ ৰাইজে ।  

৫২খন গাঁৱৰ ৰাইজে আয়োজন কৰা ভাগৱত ভ্ৰমণ অনুষ্ঠানত জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশ গ্ৰহণ কৰে ৷ ভাগৱত শোভাযাত্ৰাত তিনিখন ভাগৱত তিনিজন ভকতে মূৰত লৈ মৰিঢল চাৰিআলিৰ পৰা তিনিটা পথেৰে ভাগে ভাগে ভ্ৰমণ কৰি ত্ৰিশখন গাঁৱৰ মাজেৰে আহি মৰিঢল বৰনামঘৰৰ চৌহদত পুনৰ প্ৰৱেশ কৰে ।  

উক্ত ভাগৱত ভ্ৰমণত মৰিঢল ঘাট নামপাৰ্টি, দুই নং ন-গাঁৱৰ নাম পাৰ্টি,দুই নং জামুগুৰি হৰিমন্দিৰ নাম পাৰ্টি,বৰফুকন আৰু নাহৰনি গাঁৱৰ নাম পাৰ্টিয়ে অংশগ্ৰহণ কৰে । উল্লেখ্য যে অন্যান্য বহু ঠাইৰ তুলনাত পৃথক মৰিঢল বৰনামঘৰৰ ৰাস মহোৎসৱৰ ভাগৱত ভ্ৰমণ অনুষ্ঠান । ৭০ উৰ্ধৰ ভকত বৈষ্ণৱসকলেহে ভাগৱত শিৰত কঢ়িয়াই নিয়াৰ পৰম্পৰা চলি আহিছে । লক্ষনীয়ভাৱে গাঁৱৰ প্ৰত্যেক ঘৰৰ পদূলিত উপস্থিত হোৱাৰ লগে লগে ঘৰৰ সকলোৱে আশিস লয় মংগলৰ বাবে ।

লগতে পঢ়ক:ৰাস মহোৎসৱত মাজুলীত পদূলিয়ে পদূলিয়ে জ্বলিব লক্ষাধিক বন্তি

ৰাস কমিটীলৈ আৰ্থিক অনুদান প্ৰদানৰ ঘোষণাই বৃদ্ধি কৰিছে উৎসাহ

ABOUT THE AUTHOR

...view details