তেজপুৰ: সম্প্ৰতি সকলো ক্ষেত্ৰতে দ্ৰুত পৰিবৰ্তনৰ মাজৰে আগবাঢ়িছে বিশ্ব । এই পৰিৱৰ্তনে সকলো ক্ষেত্ৰকে চুই গৈছে বুলি মন্তব্য কৰিলে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ ৰাণা প্ৰতাপ কলিতাই । তেজপুৰ সাহিত্য উৎসৱ ২০২৪ ৰ মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেলগৰাকীয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ লগতে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি প্ৰসংগতো কৰিলে মন্তব্য় ।
অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল কলিতাই কয়, "দ্বি-মেৰু যুদ্ধৰ ফলত ছোভিয়েট ৰাছিয়া ধ্বংস হৈছিল । চীন আৰু আমেৰিকাৰ জি'অ পলিটিক্সৰ কাৰণে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আজিও শেষ হোৱা নাই ।" আনহাতে, ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশ আৰু ম্যানমাৰৰ গৃহ হিংসাৰ বাবে আমাৰ দেশলৈ ভাবুকি কঢ়িয়াই আনিছে বুলিও তেওঁ মন্তব্য কৰে ।
এনে কাৰকসমূহৰ ফলতেই অবৈধ অনুপ্ৰৱেশৰ বাবে সম্প্ৰতি সামাজিক উদ্বিগ্নতা বৃদ্ধি পাইছে বুলি মন্তব্য় কৰি তেওঁ পুনৰ কয়, "আমাৰ চাৰিওফালে চীনৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ ফলত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হিচাবে আমি সমস্যাৰ সন্মুখীন হৈ আহিছো । আমি চুবুৰীয়া ৰাজ্য হিচাপে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছো । আমাৰ এই সমস্যাৰ পৰা সমাধান লাভ কৰিবলৈ প্ৰধানকৈ নৱ প্ৰজন্মৰ যথেষ্ট কৰণীয় বা প্ৰয়োজন আছে ।"
অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল কলিতাই হৰিহৰৰ যুদ্ধৰ আখ্যান আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত কীৰ্তন, নামঘোষৰ লগতে লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম বৰুৱাৰ সৃষ্টিৰ সাহিত্যিক মৰ্যদা আৰু ইয়াৰ গৰিমাৰ প্ৰসংগ উল্লেখ কৰে ৷ তেওঁ নতুন প্ৰজন্মক সাহিত্যসেৱী সকলোকে দেশ-বিদেশৰ সাহিত্যিকৰ বিখ্যাত গ্ৰন্থ আৰু যুদ্ধৰ ঐতিহাসিক দিশ সমূহ গভীৰভাৱে অধ্যয়ন কৰিবলৈ আহ্বান জনায় ৷ সেনাবাহিনীৰ দক্ষ বিষয়া হ'বলৈ হ'লেও যুদ্ধৰ প্ৰস্তুতি আৰু ঐতিহাসিক কাৰণসমূহ জানিবৰ বাবে মহাভাৰত আৰু ৰামায়ণৰ দৰে মহাকাব্য অধ্যয়নৰ প্ৰয়োজনীয়তা আছে বুলিও কয় ৷
তেওঁ ২০৪৭ ত দেশে যি 'বিকাশিত ভাৰত'ৰ পৰিকল্পনা কৰিছে তাৰ সম্পূৰ্ণ দায়িত্ব আমাৰ দেশৰ কেৱল ৰাজনৈতিক নেতাই নহয়, নতুন প্ৰজন্মৰ প্ৰতিভাৱান যুৱক সকলো ওলাই আহিব লাগিব বুলি মন্তব্য় কৰে । তেওঁ আজিৰ এই মঞ্চৰ পৰাই ইয়াৰ বাবে আমাৰ পিতৃ-মাতৃ সকলোৱে আধুনিক যুগৰ সমসমায়িক উন্নয়নৰ বিকাশৰ ধ্যান ধাৰণাৰ লগত পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰত আগভাগ ল'বলৈ আহ্বান জনায় । মুখ্য অতিথি অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই তেজপুৰ সাহিত্য উৎসৱে এক সুস্থ পৰিৱেশ সৃষ্টি কৰিব বুলি মন্তব্য কৰি সাহিত্যৰ কোনো সীমাৰেখা নাথাকে বুলি কয় ।
তেজপুৰ সাহিত্য উৎসৱ:
'পৰিধি অতিক্ৰমী আকৌ এবাৰ 'শীৰ্ষক বিষয়বস্তুৰে মঙলবাৰৰ পৰা ২৬ ডিচেম্বৰলৈ তেজপুৰৰ নেৰিয়ালম প্ৰাংগণ আৰু নেৰিয়ালম প্ৰেক্ষাগৃহত এক উৎসৱমুখৰ পৰিৱেশত আৰম্ভ হৈছে তেজপুৰ সাহিত্য উৎসৱ-২০২৪ । সৃষ্টিশীলতাৰ উদযাপনত গল্প কথন, আলোচনা চক্ৰ, সাধুকথন, বিভিন্ন প্ৰতিযোগিতা, আবেগ উত্তৰণ, অনুবাদ কৰ্মশালা শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচী পাঠ্যৰ পৰা পৰ্দালৈ:দৃশ্যমান মাধ্যমত সাহিত্য শীৰ্ষক বিষয়ত আলোচনা, চিৰন্তন প্ৰেমৰ পৃথিৱীত বিচৰণ শীৰ্ষক অনুষ্ঠানেৰে জীপাল হ'ব লগা তিনিদিনীয়া এই সাহিত্য উৎসৱ কালি পুৱা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ৰাণা প্ৰতাপ কলিতাই ।
উদযাপন সমিতিৰ সভাপতি তথা শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালীৰ লগতে দিনটোৰ আমন্ত্ৰিত অতিথি বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ধ্ৰুৱ হাজৰিকা, স্পিকিং টাইগাৰৰ মুখ্য সম্পাদক ৰবী সিং, গ্ৰাফিক ঔপন্যাসিক শিশিৰ বসুমতাৰী, বিশিষ্ট ঔপন্যাসিক ড৹ গুমলাট মাইঅ, সাহিত্যিক তথা সুবক্তা শেফালী বৈদ্যৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পিছতেই কনমানি পদ্মজা কাশ্যপে বৰগীত পৰিৱেশন কৰে ।
আয়োজক সমিতিৰ সভাপতি তথা জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে আদৰণী ভাষণ প্ৰদান কৰি কয় যে অসমৰ চহকী সাহিত্য-সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰাৰ সমান্তৰালভাবে শব্দ আৰু ধাৰণাৰ সৌন্দৰ্য্য উদযাপনৰ লক্ষ্যৰে ২০২২ চনৰ পৰাই তেজপুৰ সাহিত্য উৎসৱৰ ধাৰণা আৰম্ভ হৈছিল । প্ৰথম প্ৰচেষ্টাত ই এনে এক মঞ্চলৈ পৰ্যবসিত হৈছে যি বিশ্বমুখী চিন্তা -ভাৱনাৰ সৈতে আমাৰ থলুৱা চিন্তা আৰু কণ্ঠৰ সেতুবন্ধন কৰাৰ লগতে শিল্পী, সাহিত্যিক, লেখক, চিন্তাবিদ পৰিৱৰ্তনকাৰীপাঠকৰ মাজত সৃষ্টিশীলতা, সমালোচনাত্মক চিন্তাধাৰা আৰু সহযোগিতাৰ বাবে নিশ্চিতভাৱে অনুপ্ৰাণিত কৰে বুলি তেওঁ কয় ।
এই অনুষ্ঠানটোত আয়োজক সমিতিয়ে প্ৰকৃতিপ্ৰেমী, উদ্ৰোপনৰ স্ৰষ্টা দৰং মহাবিদ্যালয়ৰ অধ্যাপক হৰেন্দ্ৰ নাথ মৰাং আৰু বন্যপ্ৰাণী প্ৰেমী তথা সৰ্প বান্ধৱ সৌৰভ বৰকটকীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । সম্বৰ্ধিত দুয়োগৰাকীয়ে নিজৰ অনুভৱ সদৰী কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোতে আয়োজক সমিতিৰ উপসভাপতি মহেন্দ্ৰ কুমাৰ নাথ সম্পাদিত স্মৃতিগ্ৰন্থ 'খোজ ' আনুষ্ঠানিকভাৱে মুখ্য অতিথি ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ লগতে আটাইকেইগৰাকী অতিথিয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে ।
আয়োজক সমিতিৰ উপসভাপতি পংকজ বৰুৱাই স্মৃতিগ্ৰন্থ 'খোজ'সন্দৰ্ভত আৰু ২০২২ বৰ্ষৰ "তেজপুৰ সাহিত্য উৎসৱ "ৰ সবিশেষ সদৰী কৰে । আনহাতে, আৰম্ভণি অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত প্ৰেক্ষাগৃহৰ সন্মুখত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট আৰু তৰুণ অসম সংঘৰ প্ৰাক্তন সভাপতি ৰবীন্দ্ৰনাথ শৰ্মাই ।
তেজপুৰ সাহিত্য উৎসৱ -২০২৪ ৰ মুখ্য় ভাষণ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক ধ্ৰুৱ হাজৰিকাই । ইয়াৰ পিছতেই বিয়লি 'সাহিত্য সৃষ্টি আৰু প্ৰকাশন ক্ষেত্ৰত পৰিধি অতিক্ৰমী' শীৰ্ষক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয় । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ ধ্ৰুজ্যোতি শৰ্মাই সঞ্চালনা কৰা এই আলোচনাত স্পিকিং টাইগাৰৰ মুখ্য সম্পাদক ৰবি সিং, গ্ৰাফিক ঔপন্যাসিক শিশিৰ বসুমতাৰী আৰু বিশিষ্ট ঔপন্যাসিক ড৹ গুমলাট মাইঅ'ই অংশগ্ৰহণ কৰি নিৰ্দিষ্ট বিষয়ৰ ওপৰত মননশীল আলোচনা আগবঢ়ায় ।