দিকবিদিক হেৰুৱাইছে এটি হাতী পোৱালীয়ে: ৰাইজেই দিছে খাদ্য - ELEPHANT CUB IN DEEPOR BEEL - ELEPHANT CUB IN DEEPOR BEEL
Published : Apr 6, 2024, 7:55 PM IST
মিৰ্জা, ৬ এপ্ৰিল: জাকৰ পৰা বিছিন্ন হৈ অকলশৰীয়া হৈ পৰিছে এটি বন্যহস্তীৰ পোৱালী । বনাঞ্চলৰ পৰা দীপৰ বিলত বন্যহস্তীৰ জাকৰ লগত খাদ্যৰ সন্ধানত ওলাই আহিছিল এই পোৱালীটো । জাকৰ সৈতে খাদ্যৰ সন্ধানত দীপৰ বিললৈ অহাৰ সময়তেই হাতীৰ পোৱালীটো মাতৃৰ পৰা বিছিন্ন হৈ পৰে । দীপৰ বিলৰ গাতে লাগি থকা বনাঞ্চলত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এই হাতীৰ পোৱালীটো । ওখ পাহাৰৰ বাবে অকলে পাৰ হৈ যাব নোৱাৰি ঘূৰি ফুৰিছে ।
ইফালে, ৰাইজে এই সন্দৰ্ভত কয় যে যোৱা ছয় দিন ধৰি জাকৰ পৰা বিছিন্ন হাতীৰ পোৱালীটোক কল কুহিয়াৰ আদি খাদ্যৰ যোগান ধৰি আছে স্থানীয় লোকে । ৰাজ্য়ত হাতী-মানুহৰ সংঘাত চলি থকাৰ সময়তো এনেদৰে অসহায় হাতী পোৱালীটোক খাদ্য়ৰ যোগান ধৰি প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়াৰ পিচতো ছয়দিন ধৰি হাতী পোৱালীটোৰ কোনো ব্যবস্থা গ্রহণ কৰা নাই বন বিভাগে । এনেকৈ হাতীৰ পোৱালীটো আৱদ্ধ হৈ থাকিলে অসুস্থ হৈ পৰিব বুলি শংকা প্ৰকাশ কৰিছে ৰাইজে ।
লগতে পঢ়ক:খাদ্য বিচাৰি গোহালিত সোমাল হাতী; ভিডিঅ' ভাইৰেল - Elephant Viral Video