অসম

assam

ETV Bharat / videos

যোৰহাটত ৰাইজে কেৱল গৌৰৱ গগৈক ভোট দিছে, কংগ্ৰেছক দিয়া নাই: ৰণজিৎ কুমাৰ দাস - Minister Ranjeet Kumar Dass

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 10:52 PM IST

যোৰহাট, 14 জুন : যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধান সভা সমষ্টিত বিজেপি কৰ্মকৰ্তা আৰু মিত্ৰজোঁটৰ কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ শুকুৰবাৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক লগত লৈ মৰিয়নীত দলীয় কৰ্মীসকলৰ সৈতে এক বৈঠকত মিলিত হয় তেওঁ ৷ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত বিজয়ধ্বজা উৰুৱাবলৈ দলীয় কৰ্মীসকলক এতিয়াৰ পৰাই কাম কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে 14 নং যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ পৰাজয় আৰু গৌৰৱ গগৈৰ জয় হোৱাৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰে মন্ত্ৰী ৰণজিৎ দাসে ৷ মন্ত্ৰী দাসে কয় যে, গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ী হোৱা নাই, গৌৰৱ গগৈ হিচাপেহে জয়ী হৈছে ৷ এই নিৰ্বাচন বিজেপি বনাম কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱা নাছিল, বিজেপি বনাম গৌৰৱ গগৈৰ মাজতহে প্ৰতিদ্বন্দ্বিতা হৈছিল ৷ যদি গৌৰৱ গগৈৰ সলনি অন্য প্ৰাৰ্থীক যোৰহাটৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছে প্ৰক্ষেপ কৰিলেহেঁতেন তেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ পৰাজয় হ’লহেতেন বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ 

লগতে পঢ়ক : 2026 ৰ বিধানসভা নিৰ্বাচন জয়ী নোহোৱা পৰ্যন্ত মোৰ কাম এতিয়াও আধৰুৱা : গৌৰৱ গগৈ - GAURAV GOGOI

ABOUT THE AUTHOR

...view details