বকোত পথ দুৰ্ঘটনাত মেঘালয়ৰ অভিযন্তাৰ মৃত্যু - Boko police
Published : Feb 24, 2024, 12:12 PM IST
বকো, 24 ফেব্ৰুৱাৰী: বকোৰ শিংৰা শালনিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা । গুৱাহাটীৰ পৰা মেঘালয়ৰ তুৰা অভিমুখে গৈ থকা অৱস্থাত ৰখাই থোৱা এখন ট্ৰাকত এখন হোণ্ডা বাহনে খুন্দা মৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় চনমে চাংমা আৰু আংশিকভাৱে আঘাতপ্ৰাপ্ত হয় হেনৰি চাংমা ৷
দুৰ্ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ আহত দম্পতীক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায় ৷ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় দম্পতীটোক । উল্লেখ্য যে, চনমে চাংমা 'মেঘালয় শক্তি নিগম লিমিটেড' ৰ এগৰাকী অভিযন্তা আৰু তেখেতৰ স্বামী হেনৰি চাংমাও মেঘালয় নগৰ উন্নয়ন বিভাগৰ এগৰাকী অভিযন্তা আছিল ।
চনমে চাংমা পুৱতি নিশা প্ৰায় 3.45 বজাত গুৱাহাটীৰ লখৰাস্থিত ক্ৰিটিকেল কেয়াৰ হাস্পতালৰ আই চি ইউত শেষ নিশ্বাস ত্যাগ কৰে । ইতিমধ্যে বকো আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । চিমেন্ট কঢ়িয়াই গুৱাহাটীৰ পৰা বকো অভিমুখে ট্ৰাকখন আহিছিল বুলি ট্ৰাক চালকে জানিবলৈ দিয়ে ।
আনহাতে, অভিযন্তা চনমে চাংমাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছ লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: কলিয়াবৰৰ ৰৌমাৰীত দুৰ্ঘটনা, দুগৰাকী মহিলাসহ 5 গৰাকী আহত