অসম

assam

নগাঁৱত আৰক্ষীৰ বিৰুদ্ধে সাংবাদিকক অপদস্থ কৰাৰ অভিযোগ - ATTACK ON JOURNALIST

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 5:31 PM IST

NAGAON DC OFFICE

নগাঁও, ৪ এপ্ৰিল: নগাঁৱত মনোনয়ন দাখিলৰ সময়ত নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি । সাংবাদিকক অপদস্থ কৰাৰ অভিযোগ নগাঁও আৰক্ষীৰ বিৰুদ্ধে । পোনপটীয়া সম্প্ৰচাৰ কৰি থকাৰ সময়ত এগৰাকী সাংবাদিক আৰক্ষীৰ ঠেলা-হেঁচাত আঘাতপ্ৰাপ্ত হয় । তাৰ পিচতেই নগাঁও আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰে নগাঁৱৰ সাংবাদিকসকল । নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন দাখিলৰ বাতৰি সংগ্ৰহ কৰি থকাৰ সময়ত তিনিগৰাকীকৈ সাংবাদিক আঘাতপ্ৰাপ্ত হোৱাক লৈ সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ । এই কাৰ্যক গৰিহণা দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এয়া বিজেপি চৰকাৰৰ স্বৈৰতন্ত্ৰৰ বহিঃপ্ৰকাশ বুলি উল্লেখ কৰে । ডিজিপিৰ লগতে নগাঁও আৰক্ষীক এই ঘটনাৰ বাবে ক্ষমা খোজাৰ দাবী জনায় অখিল গগৈয়ে । সাংবাদিকসকলেও এই ঘটনাক লৈ নগাঁও আৰক্ষীক ব্যাপক সমালোচনা কৰা দেখা গৈছে ।

লগতে পঢ়ক: ডিফুত সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল জয়ৰাম ইংলেঙৰ - Lok Sabha elections 2024

ABOUT THE AUTHOR

...view details