অসম

assam

ETV Bharat / videos

আবৰ্ত ভৱনৰ কোঠাত উদ্ধাৰ আৰক্ষী জোৱানৰ মৃতদেহ

By ETV Bharat Assamese Team

Published : 5 hours ago

শিলচৰ : শিলচৰ আবৰ্ত ভৱনত চাঞ্চল্যকৰ ঘটনা । আবৰ্ত ভৱনত উদ্ধাৰ এগৰাকী আৰক্ষী জোৱানৰ মৃতদেহ । নিৰাপত্তা ৰক্ষীসকলৰ থকা কোঠাত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ জোৱানজনৰ মৃতদেহ । জোৱানগৰাকীয়ে ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰাৰ সন্দেহ ।

মৃত জোৱানজন ঈশ্বৰ সিনহা বুলি জানিব পৰা গৈছে । শনিবাৰে দিনৰ ভাগত সংঘটিত হয় এই ঘটনা । খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । অৱশ্যে এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।) 

ABOUT THE AUTHOR

...view details