মঙলদৈ জিলা কাৰাগাৰত হঠাৎ উপস্থিত মন্ত্ৰী ৰূপেশ গোৱালা: অনুপস্থিত অধীক্ষক - MINISTER RUPESH GOWALA
Published : 8 hours ago
মঙলদৈ: মঙলদৈ জিলা কাৰাগাৰত মঙলবাৰে হঠাৎ উপস্থিত হয় মন্ত্ৰী ৰূপেশ গোৱালা । মন্ত্ৰীগৰাকী হঠাৎ উপস্থিত হোৱাত পোহৰলৈ আহিল ন ন তথ্য । জিলাখনৰ এই কাৰাগাৰত এটি মাত্ৰ সৰু ঘৰৰ ভিতৰতে ১৭২ জনৰ পৰিৱৰ্তে আছে ২০৯ গৰাকী কয়দী । মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ সময়ত উপস্থিত নাছিল কাৰাগাৰখনৰ অধীক্ষক কল্যাণ চৌধুৰী । অধীক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে মঙলদৈ জিলা কাৰাগাৰত থাকিব পৰা ব্যৱস্থা ১৭২ জন কয়দী । মহিলাৰ বাবে সুবিধা আছে ১২ গৰাকীৰ । বৰ্তমান পুৰুষ আছে ২০৯ আৰু মহিলা আছে ২ গৰাকী । কাৰাগাৰত মন্ত্ৰীগৰাকীয়ে কয়দীসকলৰ থকা খোৱাৰ লগতে সকলো বিষয় তন্ন তন্নকৈ নিৰীক্ষণ কৰাৰ লগতে মত বিনিময় কৰাৰ লগতে কাৰাগাৰখনৰ ৰান্ধনীঘৰ, পুথিভঁৰাল আদি পৰিদৰ্শন কৰে । লগতে অসম দক্ষতা বিকাশ অভিযানৰ অধীনত চলি থকা চিলাই মেচিনৰ প্ৰশিক্ষণ কাৰ্যসূচীৰো বুজ লয় । তেওঁ কাৰাগাৰৰ কৰ্মচাৰীসকলৰ উপস্থিতিও পৰিদৰ্শন কৰে । ইয়াৰ পিছতে অসম চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ।