অসম

assam

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 5:19 PM IST

ETV Bharat / videos

সময় আহিলে কংগ্ৰেছৰ পৰা অগপলৈ...

কলিয়াবৰ, 15 ফেব্ৰুৱাৰী : দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে ৰাজনৈতিক দলসমূহৰ ব্যস্ততা বাঢ়িছে । পিছ পৰি ৰোৱা নাই অগপ দলো । দলীয় তৎপৰতা বাঢ়ি অহাৰ লগতে দলটোলৈ কংগ্ৰেছ দলৰ সদস্যৰ আগমনৰ ইংগিত দিলে মন্ত্ৰী কেশৱ মহন্তই ।

আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে তৎপৰ হৈ পৰিছে অসম গণ পৰিষদ । সমষ্টিয়ে সমষ্টিয়ে সবল কৰি তুলিছে দলীয় স্থিতি । ‘১৪ টা লোকসভা সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ লক্ষ্যৰে অব্যাহত ৰাখিছে ৰাজনৈতিক কুচকাৱাজ’, কলিয়াবৰত এই বক্তব্য অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ । কংগ্ৰেছৰ পৰা সদস্য অগপলৈ অহাৰ খবৰ আহিয়েই আছে । ‘লোকসভা নিৰ্বাচনত মিত্ৰজোঁট হৈ আমি বিজেপিক সম্পূৰ্ণ সহযোগিতা কৰিম । মিত্ৰদলৰ প্ৰাৰ্থীক বিজয় কৰাৰ লক্ষ্য অগপৰ’, এইবুলি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই । আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ এতিয়া অসম গণ পৰিষদ । আনহাতে, কংগ্ৰেছ দলৰ বহু নেতাই অগপ দলত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে বুলিও মন্ত্ৰীগৰাকীয়ে জনায় ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত টিংখাঙত চাহ শ্ৰমিকৰ গৃহত নিশা কটালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details