অসম

assam

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 9:55 PM IST

ETV Bharat / videos

সৰুপথাৰত নাচি-বাগি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিশাল ৰোড শ্ব' - Lok Sabha Election 2024

সৰুপথাৰ, 11 এপ্ৰিল : বৃহস্পতিবাৰে বিয়লি সৰুপথাৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিশাল ৰোড শ্ব' ৷ কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ সমৰ্থনত সহস্ৰাধিক লোকৰ উপস্থিতিত বিশাল ৰোড শ্ব' কৰে মন্ত্ৰীজনে ৷ সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক লগত লৈ মন্ত্ৰীগৰাকীয়ে সৰুপথাৰ নগৰৰ মাজেদি ৰোড শ্ব' কৰি ৰাইজক সম্বোধন কৰে ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, সৰুপথাৰ সমষ্টিৰ পৰা এক লাখ বিশ হাজাৰ ভোট লাভ কৰিব বিজেপি প্ৰাৰ্থীজনে ৷ তেওঁ লগতে কয় যে, এতিয়া বিৰোধীৰ কোনো পৰিৱেশ নাই, চাৰিওফালে কেৱল পদুমেই ফুলিছে ৷ ইফালে এই ৰেলীৰ অন্তত সাংবাদিকৰ আগত বিজেপি মিত্ৰজোঁটে অসমত 13 খন আসন লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ 

লগতে পঢ়ক : আইন সকলোৰে বাবে সমান; ৰাহুলৰ দৰেই গুৱাহাটীত ৰোড শ্ব' কৰাত অনুমতি নাই প্ৰধানমন্ত্ৰী মোদীৰো - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details