অপহৰণ কৰাৰ কথা অস্বীকাৰ যুৱতীৰ - React on love jihad
Published : Feb 19, 2024, 8:04 PM IST
নলবাৰী, ১৯ ফেব্ৰুৱাৰী: নলবাৰীত এজন মুছলমান যুৱকে হিন্দু যুৱতীক অপহৰণ কৰাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্য়াহত আছে । ইয়াৰ মাজতেই আজি কোনো অজ্ঞাত স্থানৰ পৰা নলবাৰীৰ যুৱতীগৰাকীয়ে দিলে স্পষ্টীকৰণ । যুৱতী গৰাকীয়ে অস্বীকাৰ কৰিলে অপহৰণ হোৱাৰ কথা ।
উল্লেখযোগ্য যে যোৱা ১৭ ফেব্ৰুৱাৰীত নলবাৰীত এক লাভ জেহাদৰ ঘটনাক লৈ নলবাৰী সদৰ আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল হিন্দুত্ববাদী সংগঠন সমুহে । মুছলমান যুৱকে হিন্দু যুৱতীক অপহৰণ কৰি নিয়া বুলি অভিযোগ আনি হিন্দুত্ববাদী সংগঠন সমূহে প্ৰতিবাদ সাব্যস্ত কৰিছিল । য'ত আৰক্ষীয়ে ৰক্ষণাবেক্ষন দিয়াক লৈ নিলম্বিত হৈছিল নলবাৰী সদৰ আৰক্ষী থানাৰ টাউন ডাৰোগা ৰুমী ঠাকুৰীয়া ।
উক্ত ঘটনাৰ পিচতে আজি যুৱতী গৰাকীয়ে কোনো অজ্ঞাত স্থানৰ পৰা নিজৰ ফেচবুক মাধ্যমত স্পষ্টীকৰণ দিয়ে । যুৱতী গৰাকীয়ে স্বীকাৰ কৰিলে ইছলাম ধৰ্মাৱলম্বী যুৱকৰ সৈতে থকা তেওঁৰ প্ৰেমৰ কথা ।
লগতে পঢ়ক:নিশাৰ মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা; বাহনসহ অভিযুক্ত পলাতক