সমস্যাৰ অন্ত নাই মহানগৰবাসীৰ : আমচিং-যোৰাবাটৰ নাৰেংগী-সোণাপুৰ পথত ভূমিস্খলন - LANDSLIDE IN GUWAHATI - LANDSLIDE IN GUWAHATI
Published : Aug 8, 2024, 1:14 PM IST
গুৱাহাটী, ৮ আগষ্ট : কৃত্ৰিম বানৰ সমস্যাৰে জৰ্জৰিত মহানগৰত এইবাৰ সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ মহানগৰীৰ নিকটৱৰ্তী আমচিং-যোৰাবাটৰ নাৰেংগী-সোণাপুৰ সংযোগী পথত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ পাহাৰৰ শিল-মাটি খহি পৰি বন্ধ হৈ পৰে মূল যাতায়াত পথটো ৷ বুধবাৰে বিয়লিৰ ভাগত অহা মুষলধাৰ বৰষুণৰ ফলত পাহাৰৰ মাটি খহি বন্ধ হৈ পৰে মূলপথটো ৷
ইফালে বৃহস্পতিবাৰে পুৱাৰ ভাগত আমচিং চাহ বাগিচাৰ গুদামঘৰৰ সমীপৰ পাহাৰৰ এটা বৃহৎ অংশ খহি আহি পথৰ ওপৰতে পৰে ৷ ফলত পথটোৰ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷ অবশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ৷ ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জে চি বি-ৰ সহায়েৰে পথৰ ওপৰত বাগৰি পৰা পাহাৰৰ মাটি আঁতৰোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷