অসম

assam

ETV Bharat / videos

কৰেন্দ্ৰনাথ বসুমতাৰীলৈ মৰণোত্তৰভাৱে 'এটি যুগৰ যুঁজাৰু' উপাধি - Karendranath Bosumatary - KARENDRANATH BOSUMATARY

By ETV Bharat Assamese Team

Published : Oct 3, 2024, 5:01 PM IST

Updated : Oct 3, 2024, 5:39 PM IST

ৰৌতা,৩ অক্টোবৰ: একালৰ বড়ো জাতীয়তাবাদী নেতা, নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি, তিনিবাৰৰ বিধায়ক কৰেন্দ্ৰনাথ বসুমতাৰীলৈ বিশেষ সন্মান । প্ৰয়াত বিধায়কগৰাকীক প্ৰদান কৰা হয় মৰণোত্তৰভাৱে 'এটি যুগৰ যুঁজাৰু' উপাধি । নিখিল বড়ো ছাত্ৰ সন্থাই মৰণোত্তৰভাৱে প্রদান কৰে এই সন্মানটি । ৰৌতা সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰয়াত নেতাগৰাকীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি এবছুৰ উদ্যোগত অনুষ্ঠিত হয় অনুষ্ঠানটো ।  

অনুষ্ঠানত উপস্থিত থাকে ABSU ৰ কেন্দ্রীয় সভাপতি দ্বিপেন বড়ো । প্রথমে একালৰ মহান বড়ো জাতীয়তাবাদী নেতাগৰাকীৰ প্রতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰে ABSU ৰ সভাপতিগৰাকীয়ে । তাৰ পাছতেই অৰ্ধপতাকা উত্তোলনৰে সন্মান প্রদান কৰা হয় প্ৰাক্তন বিধায়কগৰাকীক । উল্লেখ্য যে বড়ো জাতীয়তাবাদৰ স্বাৰ্থত স্বাক্ষৰিত BSE চুক্তি, BTC চুক্তি, BTR চুক্তিতো সমুখৰ পৰা নেতৃত্ব লৈছিল প্রয়াত কৰেন্দ্ৰনাথ বসুমতাৰীয়ে ।

লগতে পঢ়ক: শান্তি চুক্তিৰ প্ৰতিটো দফাই ডিচেম্বৰৰ ভিতৰত কাৰ্যকৰী কৰাৰ দাবী - ABSU On Peace Accord implementation

বিটিআৰ শান্তি চুক্তিৰ কেইবাটাও বিষয়ত ABSU ৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক - ABSU On Peace Accord implementation

Last Updated : Oct 3, 2024, 5:39 PM IST

ABOUT THE AUTHOR

...view details