জোনাইৰ সাংবাদিকৰ প্ৰশংসনীয় পদক্ষেপ: আশ্ৰয় শিবিৰৰ শিশুৰ মাজত আতচবাজী বিতৰণ - DIWALI 2024
Published : Nov 1, 2024, 4:42 PM IST
জোনাই: সমগ্ৰ দেশে পালন কৰিছে পোহৰৰ উৎসৱ দীপাৱলী । এই পোহৰৰ উৎসৱ দীপাৱলীৰ দিনাই জোনাইৰ একাংশ স্থানীয় সাংবাদিকৰ উদ্যোগত জোনাই আৰু ৰুকচিনৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ ।
জোনাইৰ আদৰ্শ আশ্ৰয় শিবিৰত থকা কণ কণ শিশুসকলৰ মাজত দীপাৱলীৰ দিনা বিতৰণ কৰে ৰং-বিৰঙৰ খেলা-ধূলা সামগ্ৰীৰ লগতে আতচবাজী আৰু মমবাতি ।
উল্লেখ্য যে আহাৰমহীয়া প্ৰথমটো বানে জোনাইৰ শিৱগুৰি গাঁৱৰ প্ৰায় পঞ্চাশটা পৰিয়ালক নিমিষতে তচনচ কৰে । তেনে সময়তে জোনাই সম-জিলা প্ৰশাসনে বানৰ কবলত পৰা এই পঞ্চাশটা পৰিয়ালক উদ্ধাৰ কৰি আশ্ৰয় শিবিৰত অস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰে । তেতিয়াৰে পৰাই এই পঞ্চাশটা পৰিয়ালে প্ৰায় পাঁচ মাহে আশ্ৰয় শিবিৰতে দিন কটাবলগীয়া হৈছে ।
আনহাতে, জোনাইৰ স্থানীয় সাংবাদিক তথা ব্যৱসায়ীসকলৰ এই কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে ।