ধেমাজিত আন্তর্জাতিক যোগ দিৱস পালন - INTERNATIONAL YOGA DAY 2024 - INTERNATIONAL YOGA DAY 2024
Published : Jun 21, 2024, 10:24 PM IST
ধেমাজি, ২১ জুন: আজি আন্তর্জাতিক যোগ দিৱস উপলক্ষে ধেমাজি প্ৰশাসনে আয়োজন কৰা যোগ দিৱসৰ কাৰ্যসূচী জিলা ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । কাৰ্যসূচীৰ শুভাৰম্ভ কৰি তেওঁ এটা সুস্থ নিৰোগী শৰীৰৰ বাবে সকলোকে যোগ কৰিবলৈ আহ্বান জনায় । এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে । এই অনুষ্ঠানতে জিলা প্ৰশাসন আৰু জিলা যোগাসন ক্ৰীড়া সংস্থাই অনুষ্ঠিত কৰা যোগ প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰষ্কাৰ প্ৰদান কৰা হয় ।
যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে লখিমপুৰ লোকসভা সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ প্ৰদান বৰুৱা, জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতোপন নেওগ, অতিৰিক্ত আয়ুক্ত ড৹ সঞ্জীৱ কুমাৰ ফুকন, ঋতুপল্লৱ বৰুৱা, মহকুমাধিপতি (সদৰ) নন্দিতা ৰয় গোহাঁই, সহকাৰী আয়ুক্ত জলী দাস, সীমা দেৱী ইয়েন, গুণমনি বৰুৱা, প্ৰীতিৰেখা গগৈ, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কুলেন চন্দ্ৰ গোহাঁই, ধেমাজি চক্ৰ বিষয়া মনালী প্ৰসাদ ৰজক, গোগামুখ চক্ৰ বিষয়া ডিম্পী ভট্টাচাৰ্য, চিচিবৰগাঁও চক্ৰৰ বিষয়া চিন্ময় নেওগৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আদিয়ে ।