অসম

assam

By ETV Bharat Assamese Team

Published : May 20, 2024, 12:17 PM IST

ETV Bharat / videos

ধুমুহা-বৰষুণৰ তাণ্ডৱ : ঠায়ে ঠায়ে উভালি পৰিল গছ-বিদ্যুতৰ খুঁটা - heavy storm in Nalbari

নলবাৰী, 20 মে’ : নিশা নলবাৰীৰ পশ্চিম প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ । ধুমুহা-বৰষুণৰ ফলত প্ৰকাণ্ড গছ আৰু বিদ্যুতৰ খুঁটা চিঙি পৰে ৷ ফলত ভাঙি চূৰমাৰ হয় কেইবাটাও ঘৰ । জিলাখনৰ পশ্চিম নলবাৰীৰ দৌকুছি, শনিৰোড, পানীগাঁও, পকোৱা, জাগাৰা, খৈৰাবাৰীকে আদি কৰি বিভিন্ন অঞ্চলত বিস্তীৰ্ণ ক্ষতিসাধন হয় ।

জানিব পৰা মতে, খৈৰাবাৰীৰ আপাছুদ্দিন আলীৰ পত্নী ৰচিনা বেগম ধুমুহা-বৰষুণৰ ফলত ঘৰ ভাগি যোৱাত আহত হয় । লগতে, ধুমুহাত ঘৰৰ চিলিং ভাঙি আহত হয় পৰিয়ালটোৰ আন তিনিজনকৈ সদস্য । এই প্ৰচণ্ড ধুমুহাত কেবাঘন্টা ধৰি ঘৰৰ ভিতৰতে পৰিয়ালটো আৱদ্ধ হৈ পৰে বুলিও জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় পৰিয়ালটোক । 

বিদ্যুৎ সেৱা, যাতায়ত ব্যৱস্থা ব্যাহত :

আনহাতে নলবাৰীৰ পৰা সৰ্থেবাৰী সংযোগী পথচোৱাৰ খাৰজাৰ আশ্ৰমৰ সমীপত এডাল প্ৰকাণ্ড গছ উভালি পৰাত নিশাৰ ভাগত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । পিছত প্ৰশাসন আৰু এছ ডি আৰ এফৰ লোকসকলে ক্ষতিগ্ৰস্ত অঞ্চলবোৰলৈ গৈ গছবোৰ পথৰ পৰা আঁতৰাই দিয়াত যাতায়ত ব্যৱস্থা সুচল হৈ পৰে ।

নিশাৰ এই কালৰূপী ধুমুহা-বৰষুণৰ ফলত ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা উভালি পৰাত জিলাখনৰ পশ্চিম প্ৰান্তত বাতৰি লিখা পৰ্যন্ত ব্যাহত হৈ থাকে বিদ্যুৎ সেৱা । 

লগতে পঢ়ক: শোকাৱহ ! গছ পৰি থিতাতে মৃত্যু এজনৰ - Heavy storm in Bongaigaon

ABOUT THE AUTHOR

...view details