অসম

assam

ETV Bharat / videos

এইটো বছৰতে পাঠদান আৰম্ভ হোৱাৰ সম্ভাৱনা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 2:23 PM IST

তিনিচুকীয়া, ২১ ফেব্ৰুৱাৰী : তিনিচুকীয়া জিলাৰ মাকুমত নিৰ্মাণ কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বুধবাৰে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়খনৰ চৌপাশ তথা কাৰিকৰী দিশসমূহ পৰিদৰ্শন কৰাৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে মিলিত হয় এক বৈঠকত ৷বৈঠকত মিলিত হৈ ইতিমধ্যে চিকিৎসালয়খন মুকলি কৰা হৈছে আৰু অতি কম সময়তে অপাৰেচন কৰাৰো সকলো সুবিধা উপলব্ধ হ’ব বুলি সদৰী কৰে মন্ত্ৰীজনে ৷ সমান্তৰালকৈ এইটোও জনাই যে ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়ৰ পাঠদানৰ কাৰণে আবেদন কৰা হৈছে আৰু যিকোনো সময়তে স্বীকৃতি আহিব পাৰে ৷ গতিকে আশা কৰা হৈছে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ পৰা ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰিব পাৰিব ৷লগতে পঢ়ক : ৰাস্তাত উন্মুক্ত বৃহৎ গাঁত: সন্মুখত জীৱনটোক লৈ শংকা

ABOUT THE AUTHOR

...view details