অসম

assam

ETV Bharat / videos

নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী - LEOPARD BODY FOUND IN GOLAGHAT

By ETV Bharat Assamese Team

Published : Jan 13, 2025, 7:31 PM IST

গোলাঘাট : গোলাঘাট জিলাৰ ৪ নং ৰংবং গাঁৱৰ এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজত উদ্ধাৰ হৈছে এটা নাহৰফুটুকীৰ মৃতদেহ ৷ সোমাবৰে পুৱা বাগিচাখনত এজন শ্ৰমিকে কাম কৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে অৰ্ধগলিত নাহৰফুটুকীটোৰ মৃতদেহ ৷ তাৰ পাছতে শ্ৰমিকজনে মৃত বাঘটো সন্দৰ্ভত বাগিচাৰ মালিকক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত বাগিচাৰ মালিকে বন বিভাগক খবৰ দিয়ে ৷

খবৰ লাভ কৰিয়েই পশু চিকিৎসকক লগত লৈ বন বিভাগৰ এটা দল উক্ত স্থানত উপস্থিত হয় ৷ তাৰ পাছতে তেওঁলোকে মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ অন্তত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ৷ বাতৰি লিখা পৰলৈকে এই বাঘটো কি কাৰণত মৃত্যু হ’ল সেয়া জানিব পৰা হোৱা নাই ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে সমগ্ৰ তথ্য পোহৰলৈ আহিব বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে ।

এই ঘটনা সম্পৰ্কে স্থানীয় এজন লোকে কয়, ‘‘৪ নং ৰংবঙত উৱলি যোৱা অৱস্থাত এটা নাহৰফুটুকী বাঘ পৰি আছিল । বাগিচাত কাম কৰিবলৈ অহা শ্ৰমিকে প্ৰত্যক্ষ কৰি বাগিচাৰ মালিকক খবৰ দিয়ে । তাৰ পাছতে বাগিচাৰ মালিকে মৃত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে ৷’’

লগতে পঢ়ক : উৰুকাৰ এনিশা পূৰ্বে গুলী ফুটাই গঞাক কি কি সৰ্তকবাণী দিলে বন বিভাগে

লগতে পঢ়ক : জীৱনক লৈ শংকা: তথাপিও এৰা নাই ৫০০ বছৰীয়া পৰম্পৰা

ABOUT THE AUTHOR

...view details