অসম

assam

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 6:04 PM IST

ETV Bharat / videos

CBSE ৰ অধীনৰ ৰাজ্যৰ ৫০ খন বিদ্যালয়ৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা - Miles Bronson Residential School

মিৰ্জা, 20 জুন : বৃহস্পতিবাৰে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ সমীপৰ SOS পথত থকা মাইলচ ব্ৰনচন স্কুলত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া উপস্থিত হয় ৷ CBSE ৰ সহোদয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপালগৰাকী । এই অনুষ্ঠানত CBSE ৰ অধীনৰ ৰাজ্যৰ প্ৰায় 50 খন বিদ্যালয়ৰ পৰা শ্ৰেষ্ঠতাৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক প্ৰথমবাৰৰ বাবে সম্বৰ্ধনা জনোৱা হয় ৷ 

লগতে ৰাজ্যপালগৰাকীয়ে শতাধিক শিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰে ৷ মাইলচ ব্ৰনচন স্কুলত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মহানগৰীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে উপস্থিত থাকে অভিভাৱকসকলো । প্ৰথমবাৰৰ বাবে CBSE সহোদয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা মেধাসম্পন্ন শিক্ষাৰ্থীক এনেদৰে সম্বৰ্ধনা জনাবলৈ পাই সুখী হোৱা বুলি মন্তব্য কৰে ৰাজ্যপালগৰাকীয়ে ।

লগতে পঢ়ক: ধেমাজিত মহাবিদ্যালয়ৰ প্ৰশাসনিক আৰু শৈক্ষিক ভৱন মুকলি শিক্ষামন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details