তৃতীয়-চতুর্থ বৰ্গৰ নিয়োগ প্ৰাৰ্থীৰ বাবে যোৰহাটত প্ৰশিক্ষণ শিবিৰ - Training camp in Jorhat - TRAINING CAMP IN JORHAT
Published : Aug 6, 2024, 1:09 PM IST
যোৰহাট, 6 আগষ্ট : তৃতীয়-চতুর্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । সোমবাৰৰে পৰা আগন্তুক এটা মাহ পৰ্যন্ত যোৰহাট জিলাৰ বাণিজ্য শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আগন্তুক তৃতীয়-চতুর্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে বিশেষ সহায়ক হোৱাকৈ এমহীয়া বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰিছে যোৰহাট মহকুমা ছাত্ৰ সন্থাই ।
যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় আৰু মহেন্দ্ৰাজ ইনষ্টিটিউট, যোৰহাট শাখাৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰখনিৰ ৷ যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনে আঁতধৰে শুভাৰম্ভনি অনুষ্ঠান তথা প্ৰথম দিনটোৰ কাৰ্যসূচী ৷
দেওবাৰে আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকি চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ব্ৰীজমোহন হাজৰিকাই কয়, "ছাত্ৰ সন্থাৰ এয়া অতি মহৎ পদক্ষেপ । প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰ-ছাত্ৰীসকলক এনেধৰণে এমহীয়া প্ৰশিক্ষণ প্ৰদানৰ চিন্তাৰ বাবে ছাত্ৰ সন্থাৰ শলাগ লোৱাৰ লগতে মহেন্দ্ৰ ইনষ্টিটিউটৰ বিষয়ববীয়া সকলোলৈকেও শুভেচ্ছা জনাইছো ।"
লগতে অধ্যক্ষগৰাকীয়ে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা গ্ৰহণ কৰা তথা পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীক শুভকামনা জনায় ।
এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদিকা নিহাৰিকা শইকীয়া, মহেন্দ্ৰ ইনষ্টিটিউটৰ স্বত্বাধিকাৰী তুনা দত্ত, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি নিলভ নয়ন দত্তকে আদি কৰি শতাধিক পৰীক্ষাৰ্থী আৰু ছাত্ৰ সন্থাৰ কৰ্মকর্তাসকল উপস্থিত থাকে ৷ প্ৰশিক্ষণ শিবিৰত 80 ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে বুলি উদ্যোক্তাসকলে জনায় ৷