সুন্দৰবন নগৰ হত্যাকাণ্ডৰে জড়িত চাৰি হত্যাকাৰীক গ্ৰেপ্তাৰ - Sensational Murder In Guwahati - SENSATIONAL MURDER IN GUWAHATI
Published : Jul 17, 2024, 7:46 PM IST
গুৱাহাটী ১৭ জুলাই: হাতীগাঁও আৰক্ষীৰ জালত পৰিল হাতীগাঁৱৰ সুন্দৰবন নগৰত সংঘটিত হত্যাকাণ্ডৰ লগত জড়িত চাৰি হত্যাকাৰী । মঙলবাৰে মহানগৰীৰ ভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত অপৰাধী কেইটাক । গ্ৰেপ্তাৰ হোৱা চাৰি অপৰাধী ক্ৰমে, নজৰুল হক, মুজামিল হক, ফাইজুৰ আলী আৰু ৰোহুল আলী । ধনৰ লেনদেনৰ বাবেই চৈয়দ আলীক হত্যা কৰা বুলি স্বীকাৰ কৰে ধৃত চাৰি হত্যাকাৰীয়ে ।
আৰক্ষীয়ে জনাই যে, চৈয়দ আলীৰ পৰা হত্যাকাৰী কেইটাই পাবলগীয়া আছিল কিছু পৰিমাণৰ ধন । ১৩ জুলাইত অৰ্থাৎ হত্যাকাণ্ড সংঘটিত কৰাৰ দিনা চৈয়দ আলীৰ লগত প্ৰায় ৯৫ হাজাৰ টকা থকাৰ খবৰ লাভ কৰিছিল অপৰাধীকেইটাই । চৈয়দ আলীৰ সৈতে বৃহৎ পৰিমাণৰ ধন থকাৰ খবৰ প্ৰথমে ৰোহুল আলীয়ে পোৱাৰ পিচতে নিশা আন তিনি হত্যাকাৰীৰ সৈতে লগ হৈ গামোচা, গাৰুৰে সোপা দি মুখমণ্ডলত আঘাত কৰি হত্যা কৰে চৈয়দ আলীক । হত্যাকাণ্ড সংঘটিত কৰিয়ে চৈয়দ আলীৰ লগত থকা টকা আৰু আইফোন লৈ উধাও হয় চাৰিও । ৰোহুল আলীক জেৰা কৰাৰ পাচতেই পোহৰলৈ আহে সমগ্ৰ ৰহস্য ।