অসম

assam

ETV Bharat / videos

16 বছৰীয়া কিশোৰৰ দেহত জোৱানৰ পোছাক - Fake SSB constable detained

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 9:16 PM IST

নলবাৰী, 20 আগষ্ট: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে ভুৱা প্ৰশাসনিক বিষয়া, চিকিৎসক, আৰক্ষী-জোৱানৰ সংখ্যা । মঙলবাৰে নলবাৰী জিলাৰ টিহুত আটক হয়  সশস্ত্ৰ সীমা বলৰ এজন ভুৱা জোৱান । স্থানীয় লোকে জনোৱা অনুসৰি টিহু ষ্টেচনৰ উপৰিও বিভিন্ন স্থানত সশস্ত্ৰ সীমা বলৰ ভুৱা জোৱানজনৰ গতি-বিধি প্ৰত্যক্ষ কৰি প্ৰত্যক্ষদৰ্শীৰ মনত সন্দেহ ওপজে । 

জোৱানৰ পোছাক পৰিধান কৰি থকা কিশোৰজনে স্থানীয় ৰাইজৰ আগত নিজকে সশস্ত্ৰ সীমা বলৰ হাবলদাৰ বুলি পৰিচয় দিয়াত ৰাইজৰ মাজত সন্দেহ ওপজে, কিয়নো তেওঁৰ পোছাকযোৰত কোনো ধৰণৰ তেনে সংকেত চিহ্ন বা নিজৰ নামটোও নাছিল । কিশোৰজনে তেওঁৰ ঘৰ কোকৰাঝাৰত বুলি জনায় ৷

জানিব পৰা মতে সশস্ত্ৰ সীমা বলৰ জোৱানজন বুলি পৰিচয় দিয়া কিশোৰজনৰ বয়স 16 বছৰ ৷ অৱশ্যে কিয় কিশোৰজনে এইদৰে জোৱানৰ পোছাকত টহল দিলে সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷

লগতে পঢ়ক: মহানগৰীত এইবাৰ ভুৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ : জব্দ নকল পিষ্টল-পৰিচয়পত্ৰ - Fake Police Officer

দেহত খাকী, গাড়ীত ৰঙা লাইট লগাই ভুৱা এচিপি পৰিল সঁচা আৰক্ষীৰ জালত - Fake police arrested

মৰিগাঁৱত ভুৱা শিক্ষক : গোচৰৰ তদন্ত অব্যাহত ৰখাৰ নিৰ্দেশ আদালতৰ - fake teachers

ABOUT THE AUTHOR

...view details