অসম

assam

ETV Bharat / videos

প্ৰতিগৰাকী দুখীয়া মহিলাই অৰুণোদয় পোৱাটো নিশ্চিত : পদ্ম হাজৰিকা - Orunodoi Scheme - ORUNODOI SCHEME

By ETV Bharat Assamese Team

Published : Sep 20, 2024, 1:27 PM IST

Updated : Sep 20, 2024, 8:22 PM IST

চতিয়া, ২০ ছেপ্টেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিতো বৃহস্পতিবাৰে অৰুণোদয় ৩.০ৰ শুভাৰম্ভ কৰা হয় ৷ এই উদ্দেশ্যে জামুগুৰিহাটৰ ব'হাগী মেলা বাকৰিত অনুষ্ঠিত এক সভাত বিধায়ক পদ্ম হাজৰিকাই নদুৱাৰ সমষ্টিৰ দুখীয়া মহিলাই এই আঁচনিৰ পৰা সুবিধা লাভ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে ।

এই শুভাৰম্ভণি অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বিধায়ক পদ্ম হাজৰিকাই কয়, "মোৰ সমষ্টিৰ প্ৰতিগৰাকী দুখীয়া মহিলাই অৰুণোদয় পোৱাটো নিশ্চিত ৷ প্ৰতিগৰাকী দুখীয়া গৃহস্থই ৰেচন কাৰ্ডো লাভ কৰিব ৷ ইয়াৰ লগে লগে সমষ্টিটোৰ সকলো দুখীয়া-দৰিদ্ৰই চৰকাৰী সুবিধা লাভ কৰাটো নিশ্চিত হৈ পৰিছে ৷"

অক্টোবৰত আৰম্ভ হ'ব লগীয়া বসুন্ধৰা আচঁনিখনৰ জৰিয়তে ৰাজ্যখনৰ লাখ লাখ লোকৰ মাটি-বাৰীৰ ক্ষেত্ৰত সমস্যা দূৰ হ'ব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ এই সভাত শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই চৰকাৰৰ উন্নয়নমুখী আঁচনিসমূহ ৰূপায়ণত সকলো শ্ৰেণীৰ ৰাইজক সহযোগিতা আগবঢ়াবলৈ পৰামৰ্শ আগবঢ়ায় । লগতে অৰুণোদয় আচনিৰ জৰিয়তে প্ৰকৃত দুখীয়া দৰিদ্ৰ ৰাইজ উপকৃত হ'ব বুলিও আয়ুক্তগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক:সমষ্টিয়ে সমষ্টিয়ে অৰুণোদয় 3.O ৰ শুভাৰম্ভণি অনুষ্ঠান; উপস্থিত থাকিল মন্ত্ৰী-বিধায়ক - Orunodoi scheme

অৰুণোদয় ৩.০ : লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল - CM Himanta Biswa Sarma

Last Updated : Sep 20, 2024, 8:22 PM IST

ABOUT THE AUTHOR

...view details