অসম

assam

ETV Bharat / videos

অৱশেষত মাতৃৰ কাষ পালেগৈ কণমানি হাতীটো - ELEPHANT CALF RECOVERED

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 10:35 PM IST

তেজপুৰ: শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ধোলকোৱা চাহ বাগিচাত মাতৃৰ পৰা বিচ্ছিন্ন এটা হাতী পোৱালিক আপ্ৰাণ চেষ্টাৰ অন্তত বনকৰ্মীয়ে উদ্ধাৰ কৰি মাতৃক গতাই দিবলৈ সক্ষম হয় ৷ যোৱানিশা চাহ বাগিচাখনৰ মাজত থকা এটা দ নলাত সোমাই পৰে জাকৰ সৈতে অহা এটা বন্যহস্তীৰ পোৱালি । চাহ বাগিচাৰ নলাত মাটিৰে পোত গৈ থকা পোৱালিটোক উদ্ধাৰ কৰাৰ বাবে মাইকী বনৰীয়া হাতীজনীয়ে অপ্ৰাণ চেষ্টা চলাইছিল যদিও বিফল হয় । একাংশ স্থানীয় লোকে পোৱালিটোক উদ্ধাৰৰ চেষ্টা চলাই যদিও কাষতে মাইকী হাতীজনী ৰৈ থকাত উদ্ধাৰ কাৰ্যত বিফল হয় । 

পিছত বন বিভাগৰ লোকে হাতীজনীক গুলী ফুটাই দূৰলৈ খেদি পঠিয়াই দিয়াত ৰাইজে হাতীৰ পোৱালিটোক নলাৰ পৰা সুকলমে উদ্ধাৰ কৰে আৰু জাকটোৰ সৈতে ঘূৰাই পঠিয়াবলৈ সক্ষম হয় ৷ আনহাতে প্ৰকৃতিবিদ তথা অৰণ্য সুৰক্ষা সমিতিৰ সদস্য দিলীপ নাথে ঘটনাস্থলীত উপস্থিত হৈ কয়, "শোণিতপুৰ জিলাত হাতী-মানুহৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছে । ইয়াৰ প্ৰধান কাৰণ হৈছে বনাঞ্চলত বেদখল । চৰকাৰে বনাঞ্চলৰ বেদখলসমূহ উচ্ছেদ কৰিব লাগে আৰু তেতিয়াহে এই হাতী মানুহৰ সংঘাত নিয়ন্ত্ৰণ কৰিব পৰা যাব ।" 

লগতে পঢ়ক: মাজুলীক বিদায় দি কাজিৰঙালৈ 'দেহা'ৰ যাত্ৰা

মাজুলী এৰিব বিচৰা নাই 'দেহা'ই !

ABOUT THE AUTHOR

...view details