ETV Bharat / state

মাজুলীক বিদায় দি কাজিৰঙালৈ 'দেহা'ৰ যাত্ৰা - MAJULI ELEPHANT CALF

মাজুলীৰ 'দেহা'ৰ নতুন ঠিকনা হ'ব কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ ।

Elephant calf rescued
মাজুলীক বিদায় দি কাজিৰঙালৈ 'দেহা'ৰ যাত্ৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2024, 10:27 AM IST

মাজুলী : মাজুলীত কেইবাটাও নিশা কটাই অৱশেষত গেৰোঁগেথোঁকৈ কাজিৰঙালৈ বুলি যাত্ৰা আৰম্ভ কৰিলে 'দেহা'ই । অশ্ৰুসিক্ত নয়নেৰে লাচন চাপৰিবাসীয়েও বিদায় দিলে মৰমৰ 'দেহা'ক ।

আমি মাজুলীৰ অকলশৰীয়া হাতী পোৱালিটোৰ কথাকে কৈছোঁ, যাক লাচন চাপৰিৰ ৰাইজে মৰমতে 'দেহা' বুলি মাতিছিল ।

মাজুলীক বিদায় দি কাজিৰঙালৈ 'দেহা'ৰ যাত্ৰা (ETV Bharat Assam)

মাতৃৰ পৰা বিচ্ছিন্ন হৈ কেনেদৰে লাচন চাপৰিত আশ্ৰয় লৈছিল হাতী পোৱালিটোৱে ? পোৱালিটোক কেনেদৰে আদৰি লৈছিল লাচন চাপৰিৰ গাঁৱৰ ৰাইজে ? যোৱা কেইবাদিনো ধৰি ধাৰাবাহিকভাৱে ই টিভি ভাৰতত প্ৰকাশ পাই আহিছে মাজুলীৰ অকলশৰীয়া হাতী পোৱালিটোৰ খবৰ । লাচন চাপৰিৰ ৰাইজৰ আপোন হৈ পৰা হাতী পোৱালিটোৰ স্বাস্থ্যৰ কথা চিন্তা কৰি অৱশেষত কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ল । কাজিৰঙাৰ পৰা যোৱা এটা দলে হাতী পোৱালিটোক ফেৰীৰে লৈ যোৱাৰ ব্যৱস্থা কৰে ।

লাচন চাপৰিলৈ কেনেকৈ আহিল হাতী পোৱালিটো ?

উল্লেখ্য যে উজনি মাজুলীৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি এটা হাতীৰ বৃহৎ জাকে বিচৰণ কৰি আছে । হাতীৰ জাকটোৱে ইতিমধ্যে মাজুলীৰ খেতি পথাৰৰো বিস্তৰ ক্ষতিসাধন কৰা বুলি ৰাইজে অভিযোগ কৰিছে । তাৰ মাজতে লাচন চাপৰিত শুকুৰবাৰে পুৱা মাতৃৰ সৈতে এটা পোৱালি হাতীক ৰাইজে প্ৰত্যক্ষ কৰিছিল । অৱশ্যে মানুহৰ ভিৰ দেখি পোৱালিটোক তাতে এৰি আঁতৰি গৈছিল হাতীৰ জাকটো । তাৰ পিছত লাচন চাপৰিত মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছিল হাতীৰ পোৱালিটো । ৰাইজে পোৱালিটোক নিৰাপদ স্থানত আশ্ৰয় দি বন বিভাগক খবৰ দিয়ে ।

ইয়াৰ মাজতে লাচন চাপৰিৰ ৰাইজৰ বৰ আপোন হৈ পৰে হাতী পোৱালিটো । যাৰ বাবে লোকসকলে হাতী পোৱালিটোক 'দেহা' নামেৰে মাতিবলৈ আৰম্ভ কৰে । সেই সময়খিনিত হাতীৰ পোৱালিটো যথেষ্ট ভাগৰুৱা দেখা গৈছিল । পৰৱৰ্তী সময়ত বন বিভাগ আৰু পশু চিকিৎসকৰ দল উপস্থিত হৈ চিকিৎসা প্ৰদান কৰে আৰু পুনৰ হাতীৰ জাকটোৰ সৈতে মিলাবলৈ ব্ৰহ্মপুত্ৰৰ চাপৰিত এৰি দিয়ে । কিন্তু হাতীৰ জাকটোৰ সৈতে নগৈ হাতীৰ পোৱালিটো পুনৰ লাচন চাপৰিলৈ উভতি আহে ।

ইতিমধ্যে হাতীৰ পোৱালিটো যথেষ্ট দুৰ্বল হৈ গৈছিল আৰু শৰীৰত কিছুমান আঘাতৰো চিন আছিল । উপায়বিহীন লাচন চাপৰিৰ ৰাইজে পুনৰ পোৱালিটোক আশ্ৰয় দিয়ে আৰু বন বিভাগক খবৰ দিয়ে । দেওবাৰে বন বিভাগৰ লোকসকল উপস্থিত হৈ হাতী পোৱালিটোক উদ্ধাৰ কৰে আৰু অফলামুখ ঘাটৰ পৰা ফেৰীৰে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :মাজুলী এৰিব বিচৰা নাই 'দেহা'ই !

মাকৰ পৰা বিচ্ছিন্ন হোৱা হাতীৰ পোৱালিৰ লগত ধেমালি বনকৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.