ধেমাজিত ড্ৰাগছ সৰবৰাহকাৰী মহিলাসহ দুই যুৱকক আটক - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Published : Feb 22, 2024, 10:41 PM IST
ধেমাজি, 22 ফেব্ৰুৱাৰী : ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে এইবাৰ ধেমাজি জিলাত পুনৰ ড্ৰাগছ জব্দ ৷ বৃহস্পতিবাৰে পুৱাতে ধেমাজিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণৰ প্ৰাকমুহূৰ্তত জিলাখনত ৫০০ গ্ৰাম ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী আৰু দুই ড্ৰাগছ আসক্তক আটক কৰিবলৈ সক্ষম হয় ধেমাজি আৰক্ষী ৷
আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ধেমাজি বাছ আস্থানৰ পৰা এগৰাকী মহিলাৰ পৰা ১০ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৷ মহিলাগৰাকীৰ ঘৰ তিনিচুকীয়াৰ শ্ৰীকৃষ্ণ চাহ বাগানত বুলি জানিব পৰা গৈছে ৷ মহিলাগৰাকীৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ আহিছিল ধৃত প্ৰফুল্ল পেগু আৰু ৰাজেশ পেগুৱে ৷ ধৃত যুৱকদ্বয়ৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে । যুৱকদ্বয়ৰ পৰা তিনিটা মোবাইল ফোনৰ লগতে এখন বাইক জব্দ কৰা হৈছে ৷ জব্দকৃত মটৰ চাইকেলখনৰ নম্বৰ AS 07T 2941 ৷
লগতে পঢ়ক: গেছৰ ষ্টোভ অন কৰি কিয় আত্মহত্যা কৰিলে অইলৰ অভিযন্তাই; চাঞ্চল্য অব্যাহত