অসম

assam

এইবাৰ কণ্টেইনাৰত ওলাল ড্ৰাগছ : দুজনক গ্ৰেপ্তাৰ - Drugs seized in Duliajan

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:06 PM IST

ড্ৰাগছ জব্দ (Source : Etv Bharat Assam)

মৰাণ, 19 মে’: আৰক্ষীৰ চকুত ধূলি মাৰি হ’লেও ৰাজ্যত চেগা-চেৰোকাকৈ চলি আছে ড্ৰাগছৰ অবৈধ সৰবৰাহ ৷ পিছে আৰক্ষীয়েও পিছ এৰা নাই অপৰাধীৰ ৷ বিগত কিছুদিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ জব্দ কৰা হৈছে ৷ ঠিক তেনেকৈ শনিবাৰে নিশা দুলীয়াজানৰ ২ নং চলাকটকীৰ পদ্মেশ্বৰ ফুকন নামৰ ব্যক্তিজনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, দুলীয়াজান আৰক্ষীৰ সৈতে নামৰূপ আৰক্ষীয়ে চলোৱা এই যুটীয়া অভিযানত জব্দ হৈছে ড্ৰাগছ ভৰ্তি 12 টাকৈ কণ্টেইনাৰ ৷ আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে নগাঁৱৰ বাসিন্দা আনোৱাৰ হুছেইন আৰু ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি দুই সৰবৰাহকাৰীয়ে এটা স্থানীয় উদ্যোগত কাম কৰাৰ চলেৰে কৰি চলাই গৈছিল ড্ৰাগছৰ অবৈধ ব্যৱসায় ৷ সম্প্ৰতি দুই ড্ৰাগছ ব্যৱসায়ীৰ ঠিকনা হৈছে ডিব্ৰুগড় জিলা কাৰাগাৰ ৷

লগতে পঢ়ক: ডিলাইত কোটি টকাৰো অধিকমূল্যৰ সন্দেহযুক্ত হেৰ'ইনসহ সৰবৰাহকাৰী আটক - Anti Drugs Operation

কাছাৰৰ লক্ষীপুৰত হেৰ'ইনসহ গ্ৰেপ্তাৰ দুই সৰৱৰাহকাৰী - DRUGS SEIZED IN CACHAR

মৰিয়নীত ১ কোটি ৪০ লাখ টকাৰ ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - Drugs Seized In Mariani

অস্ত্ৰোপচাৰ কৰি পেটৰ ভিতৰত কোনে সৰবৰাহ কৰিলে ক’কেইন ? - Cocaine Drugs Smuggling

ABOUT THE AUTHOR

...view details