অসম

assam

জিলা কাৰাগাৰত কাৰাবন্দীৰ মাজত পাঠ্যপুথি বিতৰণ - Morigaon district jail

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 9:18 PM IST

নৱ ভাৰত স্বাক্ষৰ অভিযান (ETV BHARAT ASSAM)

মৰিগাঁও, 26 জুন : মৰিগাঁও জিলা কাৰাগাৰত নৱ ভাৰত স্বাক্ষৰ অভিযান ৷ বুধবাৰে এই কাৰ্যসূচী উদ্ধোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ৷ এই কাৰ্যসূচীৰ জৰিয়তে কাৰাবন্দীসকলৰ জ্ঞান বৃদ্ধি কৰাত সহায়ক হ'ব বুলি মন্তব্য কৰে জিলা আয়ুক্তগৰাকীয়ে ৷ প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে কাৰাবন্দীসকলৰ জীৱন উন্নত হোৱাৰ আশা কৰা হৈছে ৷ মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তত্বাৱধানত আৰু জিলা শিক্ষা বিভাগৰ প্ৰচেষ্টাত মৰিগাঁও জিলা কাৰাগাৰত বন্দী হৈ থকা নিৰক্ষৰ কাৰাবন্দীসকলৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধনী ভাষণত এগৰাকী কাৰাবন্দীয়ে অধ্যয়নৰ জৰিয়তে কেনেদৰে সমাজত এজন ভাল মানুহ হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে সেই বিষয়ে বক্তব্য আগবঢ়ায় ৷ নৱ ভাৰত স্বাক্ষৰ কাৰ্যক্ৰমৰ জৰিয়তে উপকৃত হ'ব কাৰাগাৰখনৰ 55 গৰাকী নিৰক্ষৰ পুৰুষ আৰু 3 গৰাকী মহিলা কাৰাবন্দী ৷ বিদ্যালয়ৰসমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই জানিবলৈ দিয়া অনুসৰি নিৰক্ষৰ কাৰাবন্দী সকলৰ সন্মতিত কাৰাগাৰ কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনামৰ্মে শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত পল্লৱী কছাৰী আৰু জিলা আয়ুক্তৰ প্ৰচেষ্টাত এই কাৰ্যসূচী হাতত লোৱা হৈছে ৷ 

লগতে পঢ়ক : প্ৰকৃতি সুৰক্ষাৰ সমান্তৰালকৈ সাহিত্য চৰ্চাত ব্ৰতী মহেশ নাথৰ পাঁচখনকৈ গ্ৰন্থ উন্মোচন - Book released in Nagaon

ABOUT THE AUTHOR

...view details