ETV Bharat / state

ম্যানমাৰ-বাংলাদেশৰ অস্থিৰতাই ভাৰতক প্ৰভাৱিত কৰিছে: লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতা - LT GEN RETD RP KALITA

ম্যানমাৰ-বাংলাদেশত হিংসাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে সম্ভৱতঃ উত্তৰ-পূব ভাৰতলৈ প্ৰব্ৰজন কৰিব পাৰে আৰু ঐতিহাসিকভাৱে তেনেকুৱা বহু ঘটনা সংঘটিত হৈছে: ৰাণা প্ৰতাপ কলিতা ৷

NORTHEAST INDIA
লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 24, 2024, 9:45 PM IST

তেজপুৰ: মণিপুৰত চলি থকা গোষ্ঠীগত সংঘৰ্ষৰ বিষয়ে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ ৰাণা প্ৰতাপ কলিতাই কয়, "মণিপুৰৰ সংঘাত বৰ্তমানেও চলি আছে কাৰণ কিছুমান বিশেষ সমস্যা আছে । কিছুমান সমস্যাই ইতিহাস আৰু ভৌগোলিক দিশত বিশেষ ক্ষতি কৰিছে কাৰণ মণিপুৰত তিনিটা জনগোষ্ঠীৰ মাজত শান্তিপূৰ্ণ সহাৱস্থান কৰাটো সম্ভৱ হৈ উঠা নাই আৰু সংঘাতৰ সেইটো এটা প্ৰধান কাৰণ ।

ই টিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অৱসৰপ্ৰাপ্ত সেনা বিষয়া কলিতাই কয়, "ৰাজ্যখনৰ শান্তিপূৰ্ণ পৰিবেশ পুনৰ ঘূৰাই আনিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কাম কৰি আছে, গতিকে সোনকালেই এটা ভাল পৰিবেশ ঘূৰি আহিব বুলি আশাবাদী ।"

কলিতাই লগতে কয়, "বিগত ডেৰ বছৰ ধৰি অশান্তি পৰিবেশে বিৰাজ কৰিছে মণিপুৰত । চুবুৰীয়া দেশ ম্যানমাৰ আৰু বাংলাদেশৰ দুয়োখন দেশত ঘটি থকা ঘৰুৱা সমস্যাৰ বাবে আমাৰ দেশত প্ৰভাৱ পৰিছে । কাৰণ ম্যানমাৰ আৰু বাংলাদেশৰ উপকূল অঞ্চলৰ পৰা আমাৰ দেশলৈ সম্ভাব্য অনুপ্ৰৱেশৰ বাবে চিন্তাৰ বিষয় । দুয়োখন দেশত সংঘটিত হোৱা সামাজিক চাপৰ বাবে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ ইতিহাসত এনে ঘটনাৰ উদাহৰণ আছে আৰু ই আমাৰ কাৰণে এক ডাঙৰ প্ৰত্যাহ্বান ।"

লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতা (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "দ্বিতীয়তে দেশৰ দুখনৰ অশান্তি বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত উগ্ৰপন্থী সমস্যাৰ সৃষ্টি হৈছে, কাৰণ সেইসমূহ ম্যানমাৰ আৰু বাংলাদেশৰ পৰা পৰিচালনা কৰি অহা হৈছে । লগতে উগ্ৰপন্থী সংগঠনে ম্যানমাৰ আৰু বাংলাদেশত পুনৰ ঘাটি সংস্থাপন কৰিব পাৰে ৷ সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান আৰু তাৰবাবে আমি অধিক সজাগ থাকিব লাগিব ।"

উল্লেখ্য যে, মণিপুৰত যোৱা ২০২৩ বৰ্ষৰ ৩ মে' ৰ পৰা চলি থকা গোষ্ঠীগত হিংসাৰ ফলত ২০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ৬০ হাজাৰ লোক গৃহহীন হৈছে । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পুনৰ একাধিক সুৰক্ষা বাহিনী মণিপুৰত মোতায়েন কৰিছে ।

আন এক প্ৰশ্নৰ উত্তৰত অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল কলিতাই কয়, "চীনৰ পৰা আমাৰ সদায়েই ভাবুকি আছে, কাৰণ আমাৰ সীমা সমস্যা সমাধান হোৱা নাই । সীমা সমস্যা সমাধান নোহোৱাৰ বাবে সংঘাতৰ সম্ভাৱনা থাকে, যেনে স্থানীয় মাটিৰ গালোৱান কাণ্ড বা ষ্টেণ্ডঅফ ডক্লাম চলি থাকিব । এই সমূহ সমাধান কৰিবলৈ দুয়োখন ৰাষ্ট্ৰই সমিলমিলৰে কাম কৰিব লাগিব আৰু সমস্যাৰ সমাধান কৰিব লাগিব ।"

লগতে পঢ়ক: ৩৮০০ প্ৰব্ৰজনকাৰীক ম্যানমাৰলৈ ঘূৰাই পঠিয়ালে মণিপুৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.