ETV Bharat / entertainment

ৰ'টাৰডাম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত প্ৰদৰ্শিত হ'ব বোক্সী - BHARGAV SAIKIA MOVIE BOKSHI

পুনৰ অসমীয়া ছবি জগতৰ বাবে এক ভাল খবৰ । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত হৈছে এগৰাকী অসমীয়া পৰিচালকে নিৰ্মাণ কৰা ছবি ।

BHARGAV SAIKIA MOVIE BOKSHI
ৰ'টাৰডাম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত প্ৰদৰ্শিত হ'ব বোক্সী (Etv Bharat)
author img

By ETV Bharat Entertainment Team

Published : Dec 24, 2024, 8:22 PM IST

Updated : Dec 24, 2024, 8:52 PM IST

গুৱাহাটী: নেদাৰলেণ্ডৰ ৰ'টাৰডাম চহৰত অনুষ্ঠিত হ'বলগীয়া 'ৰ'টাৰডাম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহ' লৈ নিৰ্বাচিত হৈছে ভাৰ্গৱ শইকীয়াৰ 'বোক্সী' । আগন্তুক বৰ্ষৰ ৩০ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব এই মহোৎসৱৰ । ইফালে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ পৰিচালনাৰ অনন্য দিশটোৰ বাবে জনপ্ৰিয়তা আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম পৰিচালক ভাৰ্গৱ শইকীয়াই পৰিচালনা কৰা এই ছবিখনৰ টিজাৰ শেহতীয়াকৈ সামাজিক মাধ্যমযোগে মুক্তি লাভ কৰিছে ।

এজনী কিশোৰী অন্ধকাৰ জীৱনক নাৰীবাদৰ আখ্যানেৰে পৰিপূৰ্ণ কৰি লিখি উলিওৱা হৈছে ছবিখনৰ কাহিনীভাগ । নেপালী ভাষাত বোক্সী মানে হৈছে ডাইনী । Lorien Motion Pictures ৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাহিনী হৈছে হৰ্ষ বৈভৱৰ । এখন হ'ৰ'ৰ ফেণ্টাছী শৈলীৰে নিৰ্মাণ কৰা এই ছবিখনৰ লগত অসমৰ কেইবাগৰাকীও ব্যক্তি জড়িত হৈ আছে ।

ইফালে পূৰ্ণদৈৰ্ঘৰ এই ছবিখন হিন্দী, ইংৰাজী, নেপালী আৰু ব্ৰক্সকাট ভাষাত নিৰ্মাণ কৰা হৈছে । প্ৰায় পাঁচটা বছৰ গভীৰ অধ্যয়ন, পৰিকল্পনা আৰু সুক্ষ্ম পৰীক্ষা-নিৰীক্ষাৰ পাছত প্ৰায় দুমাহ এদল সাহসী নৱপ্ৰজন্মক লৈ পুহমহীয়া প্ৰচণ্ড শীতক নেওচি চিকিমৰ দূৰ্গম অৰণ্যত প্ৰাকৃতিক পৰিৱেশৰ মাজত কৰা হৈছিল ছবিখনৰ দৃশ্যগ্ৰহণ ।

ছবিখনত অভিনয় কৰিছে অসমৰ যুৱ অভিনেতা কৌশিক ভৰদ্বাজৰ, কাছৱী শংকৰিছনৰ লগতে হিমবৰ্ষা দাসে । আনহাতে, সম্পাদনা কৰিছে হিমাংশু চুতীয়া শইকীয়াই । দৃশ্যগ্ৰহণ কৰিছে সিদ্ধাৰ্থ শিৱশংকৰন আৰু এ. বাসন্তে । ছবিখনত সাজসজ্জাৰ দায়িত্বত আছে ডিফুৰ চেৰ্লিন ইংগটিপি কাথাৰ ।
উল্লেখ্য যে, ৰ'টাৰডাম বিশ্ব মহোৎসৱলৈ ইয়াৰ আগতে ১৯৯৫ চনত অসমৰ স্বনামধন্য প্ৰখ্যাত পৰিচালক জাহ্নু বৰুৱাৰ 'সাগৰলৈ বহু দূৰ' আৰু ২০২৪ চনত মেহদি জাহানদেৱৰ 'জয়মতী নেভাৰ লেফ্ট' নামৰ বোলছবি দুখন নিৰ্বাচিত হৈছিল ।

লগতে পঢ়ক: দৰ্শকক হাঁহি-কান্দোনত লুটি-বাগৰ মাৰিবলৈ বাধ্য কৰোৱা ‘বিদুৰভাই’ ৰ হিন্দী সংস্কৰণ

Last Updated : Dec 24, 2024, 8:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.