ETV Bharat / state

বৰদিন উপলক্ষে নৰূপেৰে উজলিছে সকলো গীৰ্জা; কেৰলৰ ধ্বনিৰে মুখৰিত হ'ব ৰাজ্য - CHRISTMAS CELEBRATION IN GUWAHATI

বৰদিন উপলক্ষে সজাই-পৰাই তোলা হৈছে গুৱাহাটীৰ গীৰ্জাবোৰ । খ্ৰীষ্টানধৰ্মী লোকসকলৰ মাজত উছাহৰ অন্ত নাই । বিভিন্ন সোৱাদ আৰু ডিজাইনৰ কেকেৰে উভৈনদী গুৱাহাটী ।

Christmas celebration in Guwahati
বৰদিন উপলক্ষে নৰূপেৰে উজলিছে সকলো গীৰ্জা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 24, 2024, 8:22 PM IST

গুৱাহাটী : খ্রীষ্টানধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ বৰদিন বুধবাৰে উলহ-মালহেৰে উদযাপন কৰা হ'ব । ইয়াৰ বাবে সমগ্ৰ ৰাজ্যৰ খ্ৰীষ্টানধৰ্মী লোকসকলৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে । লগতে নৰূপেৰে সজাই-পৰাই তোলা হৈছে গীৰ্জাসমূহ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৰদিনক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ।

বৰদিন উপলক্ষে ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন গীর্জাঘৰ নানাৰঙী আলোকসজ্জাৰে সজাই তোলা হৈছে । পাণবজাৰৰ খ্ৰীষ্ট ছাৰ্চ, ডনবস্কো গীৰ্জা, পাণবজাৰৰ গুৱাহাটী বেপ্টিষ্ট গীৰ্জা, দিছপুৰ বেপ্টিষ্ট গীৰ্জা, খাৰঘুলিৰ বেপ্টিষ্ট গীৰ্জা, কাহিলিপাৰাৰ বেপ্টিষ্ট গীৰ্জাকে ধৰি সকলো গীৰ্জাঘৰ প্ৰভু যীশুৰ গুণ-গৰিমাৰে গুঞ্জৰিত হৈ উঠিছে ।

বৰদিন উপলক্ষে নৰূপেৰে উজলিছে সকলো গীৰ্জা (ETV Bharat Assam)

আনহাতে, বৰদিনৰ সৈতে সংগতি ৰাখি আলোকসজ্জাৰে আলোকিত হৈ পৰিছে গুৱাহাটী মহানগৰী । মহানগৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান, শ্বপিং মলবোৰ আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে ।

ইফালে বৰদিনৰ লগত সংগতি ৰাখি মঙলবাৰৰ পৰায়ে বিভিন্ন গীর্জাত প্ৰভু যীশুৰ জন্মবৃত্তান্ত পৰিবেশন, বাইবেল শিক্ষা পাঠ আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে ।

বৰদিনৰ অন্যতম উপাদান হৈছে কেৰলৰ ধ্বনি । পৱিত্ৰ বৰদিনৰ সৈতে সংগতি ৰাখি খ্রীষ্টানধর্মী লোকসকলে ইতিমধ্যে ঠায়ে ঠায়ে পৰিবেশন কৰিছে কেৰল । ইয়াৰ সমান্তৰালকৈ গীর্জাসমূহতো কেৰলৰ ধ্বনিৰে সৃষ্টি হৈছে এক আধ্যাত্মিক পৰিৱেশৰ ।

আনহাতে, বুধবাৰে অৰ্থাৎ বৰদিনৰ দিনা পুৱাৰে পৰা গীর্জাসমূহত আৰম্ভ হ'ব প্ৰভু যীশুৰ উপাসনা, ধর্মীয় প্রার্থনা । পিছদিনা অৰ্থাৎ ২৬ ডিচেম্বৰত পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি গীর্জাসমূহত আয়োজন কৰা হ'ব প্রীতিভোজৰ ।

পাণবজাৰ খ্ৰীষ্ট ছাৰ্চ কৰ্তৃপক্ষই জনোৱা অনুসৰি, "কাইলৈ বৰদিন । বৰদিনক লৈ প্ৰস্তুতি সম্পূৰ্ণ হৈছে । আজি নিশা ১২ বজাত প্ৰাৰ্থনা অনুষ্ঠিত হ'ব । কাইলৈ পুৱা ৯.৩০ বজাত প্ৰাৰ্থনা হ'ব। পুৱাৰে পৰা দৰ্শনাৰ্থীৰ বাবে দুৱাৰ খোলা থাকিব । প্ৰতিবছৰৰ দৰে এইবাৰো ৩০-৪০ হাজাৰ লোকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে ।"

আন এটা উল্লেখনীয় কথা হৈছে যে বৰদিনৰ লগত কেকৰ এক এৰাব নোৱৰা সম্পৰ্ক আছে । বৰদিন বুলি ক'লেই বেকাৰীসমূহত বিভিন্ন ধৰণৰ কেকৰ সমাহাৰ দেখা যায় । বৰদিনত কেক প্ৰস্তুতৰ ৰীতি বিদেশত প্রচলিত আছিল যদিও ভাৰততো এই ৰীতি বহু বছৰ পূৰ্বে আৰম্ভ হৈছিল ।

ইফালে বৰদিন উপলক্ষে মহানগৰীৰ বেকাৰীবোৰতো প্লাম কেক, ফ্ৰুইট কেক, আইচিং কেক, খ্ৰীষ্টমাছৰ আৰ্হিত বিভিন্ন ফ্লেভাৰৰ কেকৰ সমাহাৰ ঘটিছে । মহানগৰীৰ আটাইটকৈ পুৰণি বেকাৰী শ্বেখ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰীয়ে জনোৱা অনুসৰি, "বৰদিনৰ সময়ত প্ৰতিবছৰে কেকৰ চাহিদা বৃদ্ধি পায় । বৰদিন উপলক্ষে প্লাম কেককে ধৰি বৰদিনৰ আৰ্হিত বিভিন্ন প্ৰকাৰৰ কেক বনোৱা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মেঘালয়ৰ শ্বিলং, তুৰা আদিলৈও বৰদিনৰ বাবে কেক পঠোৱা হৈছে ।"

লগতে পঢ়ক :প্ৰত্যাহ্বানৰ কুঁৱলী ফালি মুগাশিল্পলৈ আশাৰ ৰেঙণি - CULTIVATION OF SILKWORMS
লগতে পঢ়ক :আকাশ চুবলৈ হেঁপাহ মাজুলীৰ বিৰিঞ্চিৰ; কিন্তু সমুখত বাধাৰ প্ৰাচীৰ - 9YEARS OLD BOY FROM MAJULI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.