ETV Bharat / state

ধৰ্ষণকাৰীক শাস্তি, মুকবধিৰ কিশোৰীয়ে পালে ন্যায় - COURTS SENTENCE TO RAPIST

ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ বিশেষ ৰায়দান । ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড ধৰ্ষণকাৰীক ।

Rangia sub-divisional judicial magistrate's court's special verdict
ধৰ্ষণকাৰীক শাস্তি, মুকবধিৰ কিশোৰীয়ে পালে ন্যায় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 12 hours ago

ৰঙিয়া: ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ বিশেষ ৰায় । মুকবধিৰ কিশোৰীক ধৰ্ষণ কৰা অভিযুক্তক বিহিলে সশ্ৰম কাৰাদণ্ড । ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে ধৰ্ষণকাৰীক । ২০১৪ চনতে ৰুজু হৈছিল এই গোচৰ আৰু অৱশেষত ন্যায় লাভ কৰিলে ভুক্তভোগীয়ে ।

২০১৪ চনত এগৰাকী মুকবধিৰ কিশোৰীক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল ৰাজু মোদক নামৰ এজন যুৱকৰ বিৰুদ্ধে । অপৰাধী ৰাজু মোদকে ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল । পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ৰঙিয়া মহকুমাৰ কমলপুৰ আৰক্ষী থানাত ৬৬/১৭ নম্বৰৰ গোচৰ ৰুজু হৈছিল এই জঘন্য ধৰ্ষণ কাণ্ডৰ গোচৰ । সুদীৰ্ঘ ৮ বছৰ ধৰি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত বিচাৰাধীন হৈ আছিল এই গোচৰটো ।

ধৰ্ষণকাৰীক শাস্তি, মুকবধিৰ কিশোৰীয়ে পালে ন্যায় (ETV Bharat Assam)

অৱশেষত মঙলবাৰে এই গোচৰটোৰ চূড়ান্ত ৰায় দিয়ে ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতে । অভিযুক্ত ৰাজু মোদকক ৩৭৬ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫ হাজাৰ টকা জৰিমনা বিহা হয় । ধৰ্ষণকাৰী ৰাজু মোদকক আদালতে সশ্ৰম কাৰাদণ্ড বিহাত সন্তোষ প্ৰকাশ কৰে ধৰ্ষিতা মুকবধিৰ কিশোৰীগৰাকীৰ লগতে কমলপুৰৰ ৰাইজে ।

উল্লেখ্য যে, ভুক্তভোগী যুৱতীগৰাকীক জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা ১ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে চৰকাৰী অধিবক্তা দেৱজিৎ শইকীয়াই । চৰকাৰী অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি আদালতত উপস্থিত হোৱাৰ পিছতো কিশোৰীগৰাকীয়ে অপৰাধী জনক দেখি চিঞৰ বাখৰ লগাইছিল । ইফালে আদালতৰ এই ৰায়দানৰ পিছতেই প্ৰাপ্তিৰ হাঁহি বিৰিঙিছে পৰিয়ালৰ মুখত ।

লগতে পঢ়ক: নতুন বছৰত কি কি পৰিকল্পনা গুৱাহাটী পৌৰ নিগমৰ ? - GUWAHATI MUNICIPAL CORPORATION

মন্ত্ৰীৰ পৰা ৯১ বছৰীয়া প্ৰাক্তন আৱাসীলৈ....সকলোৰে ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ স্মৃতি ৰোমন্থন - JAGANNATH BAROOAH COLLEGE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.