অসম

assam

পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা কাৰো লগত নহয়: হিমন্ত বিশ্ব শৰ্মা - Panchayat poll in Assam

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 10:06 AM IST

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী,২৫ আগষ্ট: আহি আছে পঞ্চায়ত নিৰ্বাচন । তাকে লৈ এতিয়া সম্পূৰ্ণ সাজু হৈ উঠিছে ৰাজ্যিক বিজেপি । এনে সময়তে উত্থাপন হৈছে কেতবোৰ প্ৰশ্ন । পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে কাৰ লগত মিত্ৰতা কৰিব ? BTC ত কাৰ লগত মিত্ৰতা হ’ব ? এই সম্পৰ্কৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সোধা এক প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "BTC ত পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা আগতো কাৰো লগত নাছিল আৰু সেয়েহে এতিয়াও কাৰো লগত নহয় । যেনেকৈ আগত হৈ আছিল তেনেকৈয়ে হ'ব, নতুনকৈ আমি একো নীতি বনোৱা নাই । আগতেও আমাৰ অসম গণ পৰিষদৰ লগত ক’ৰবাত মিত্ৰতা হয়, ক’ৰবাত নহয়, ক‘ৰবাত বন্ধুত্বপূৰ্ণ হয় । ঠিক তেনেকৈ BTC টো এইবাৰো তেনেকুৱা হ'ব ।"

লগতে তেওঁ কয়, "UPPL ৰ লগত মিত্ৰতা নহয়, যদি UPPL এ ভাবে যে আমি বিজেপিৰ লগত মিত্ৰতা কৰিম তেতিয়াহ'লে আলোচনা হ'ব । এয়া কোনো নতুন ৰাজনৈতিক সিদ্ধান্ত নহয়, আগতে যিটো চলি আছে সেইটোহে ।" ইফালে BTC ত BPF আৰু UPPL একলগ হ'ব বুলি ওলোৱা এক তথ্য সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "নিৰ্বাচন আহি আছে, সকলোৱে সকলোৰে লগত আলোচনাত কৰি থাকিব । প্ৰত্যেকটো কথাতে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিয়াৰ প্ৰয়োজন নাথাকে ।"

লগতে পঢ়ক: অশান্ত বাংলাদেশত হিন্দুসকলক‌ সুৰক্ষিত কৰাৰ বাবে হেঁচা প্ৰয়োগৰ আহ্বান মুখ্যমন্ত্ৰীৰ - Assam CM Himanta Biswa Sarma

২০২৪ ৰ জানুৱাৰীৰ পৰা জুলাইলৈ ৫০০ ৰো অধিক হত্যাকাণ্ড: তথাপিও অসম শান্তিময় নে ? - Crime rate in Assam

ABOUT THE AUTHOR

...view details