অসম

assam

ETV Bharat / videos

ছয় নং দফা ৰূপায়ণ : আছুৰে বৈঠকৰ অন্তত মুখ্যমন্ত্রীৰ সংবাদমেল LIVE - Assam Accord Implementation - ASSAM ACCORD IMPLEMENTATION

By ETV Bharat Assamese Team

Published : Sep 25, 2024, 5:25 PM IST

Updated : Sep 25, 2024, 5:56 PM IST

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ সন্দৰ্ভত আজি সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ নেতৃত্বৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ছয় নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন কাৰ্যকৰী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ।আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰিছে এখন সংবাদমেল । উল্লেখ্য যে ছয় নং দফা ৰূপায়ণৰ বাবে বিপ্লৱ শৰ্মা কমিটীয়ে ২০২১ চনতে প্ৰতিবেদন দাখিল কৰিছিল যদিও চলিত বৰ্ষৰ ৪ ছেপ্টেম্বৰত লখিমপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত ইয়াক গ্ৰহণ কৰা হয় । কেবিনেটে বিপ্লৱ শৰ্মা কমিটিৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা ৰাজ্য চৰকাৰে ২০২৫ চনৰ এপ্ৰিলৰ পূৰ্বে ৰূপায়ণ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে । কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰথম পদক্ষেপ হিচাপে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছুৰ নেতৃত্বৰে বৈঠকত মিলিত হয় । দিছপুৰৰ লোক সেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল...
Last Updated : Sep 25, 2024, 5:56 PM IST

ABOUT THE AUTHOR

...view details