অসম

assam

ETV Bharat / videos

কলং বোৱতী প্ৰকল্পৰ বাবে দুই-তিনি বছৰ সময় লাগিব : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma - HIMANTA BISWA SARMA

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 7:52 PM IST

কলিয়াবৰ, 7 আগষ্ট : অতি কম সময়তে মথাউৰি নিৰ্মাণ সম্ভৱ কৰি তোলা জলসম্পদ মন্ত্ৰীকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়া-কৰ্মচাৰীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে ৷ বুধবাৰে বিয়লি কলিয়াবৰৰ হাতীমূৰাত উপস্থিত হৈ হাতীমূৰা মথাউৰিৰ শ্লুইচ গে'টৰ সন্মুখৰ মেৰামতি সম্পূৰ্ণ হোৱা ক’ফাৰ ডাম পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

2 জুলাইত কলংমুখৰ নৱনিৰ্মিত শ্লুইচ গেটৰ কাষৰ মথাউৰি ছিগি প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছিল ৷ শ্লুইচ গেটৰ সমুখৰ ক’ফাৰ ডাম কাটি দিয়াৰ ফলতেই ব্ৰহ্মপুত্ৰৰে সংলগ্ন নলাৰে কলঙৰ বুকু ব্ৰহ্মপুত্ৰৰ পানীৰে উফন্দি পৰাৰ ফলতে বানৰ সৃষ্টি হৈছিল । ২ জুলাইৰ নিশা মুখ্যমন্ত্ৰী ছিগা মথাউৰিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ পিচত আজি দ্বিতীয়বাৰ হাতীমূৰা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।

আনহাতে, বোৱতী কলং সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ হাতীমূৰা মথাউৰিৰ ছিগা অংশ এতিয়ালৈকে নিৰ্মাণ হোৱা নাই । গতিকে, কলং বোৱতী প্ৰকল্পৰ বাবে দুই-তিনি বছৰ সময় লাগিব । তাৰ আগতে ৰাজহুৱা মতামতৰ লগতে বিশেষজ্ঞৰো মতামতৰ ভিত্তিতহে বোৱতী কলঙৰ কথা চিন্তা কৰা হ’ব ।

লগতে পঢ়ক : কলিয়াবৰত কলঙৰে সংযোগ বিচ্ছিন্ন হ'ল ব্ৰহ্মপুত্ৰৰ

ABOUT THE AUTHOR

...view details