ৰাহুল গান্ধী অসমলৈ আহি কংগ্ৰেক 90 শতাংশ শেষ কৰিলে: হিমন্ত বিশ্ব শৰ্মা - Assam Congress leader joins BJP
Published : Mar 2, 2024, 6:11 PM IST
গুৱাহাটী, 2 মাৰ্চ: অসমত কংগ্ৰেছৰ খহনীয়াৰ মাজতে ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে তেওঁলোক সমস্যা সৃষ্টিৰ বাবেই আহে । ৰাহুল গান্ধীয়ে কংগ্ৰেছক ধ্বংস কৰিলে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমলৈ আহি ৰাহুল গান্ধীয়ে কংগ্ৰেছক প্ৰায় ৯০ শতাংশ ধ্বংস কৰিলে ।
বৰ্তমান কংগ্ৰেছত ১০ শতাংশ লোক আছে । ৰাহুল গান্ধী পুনৰ অসমলৈ আহিলে সেই ১০ শতাংশও বিজেপিয়ে লৈ যাব আৰু বিষয়টো তাতেই শেষ হৈ যাব বুলি কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সেই 10 শতাংশও বিজেপিয়ে লৈ লোৱাৰ পিচত কংগ্ৰেছৰ প্ৰসংগ সিমানতে শেষ হৈ যাব ৷
লগতে পঢ়ক: তৰুণ গগৈয়ে ৰুই যোৱা বটবৃক্ষ যাতে উভালি নপৰে সেয়াই মোৰ লক্ষ্য: ভাস্কৰ বৰুৱা