ধুবুৰীত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী : প্ৰস্তাৱিত বন সংৰক্ষিত বনাঞ্চলৰ সন্দৰ্ভত আলোচনা - Chandra Mohan Patowary - CHANDRA MOHAN PATOWARY
Published : Jul 23, 2024, 8:26 PM IST
ধুবুৰী, 29 জুলাই : ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলা বন বিভাগৰ বিষয়া আৰু জিলাখনৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ সভা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ পুনৰ অসমত তিনিকোটি অমৃতবৃক্ষ ৰোপণ কৰি অভিলেখ সৃষ্টি কৰিব বুলি মন্তব্য বনমন্ত্ৰীগৰাকীৰ ৷ বৃক্ষৰোপণ কৰাহে বন বিভাগৰ দায়িত্ব, গছসমূহ জীয়াই ৰাখিবলৈ বনকৰ্মী আৰু বিভিন্ন আত্মসহায়ক গোট, অংগণৱাড়ী কৰ্মীসকলক কোৱা হৈছে বুলি মন্তব্য বনমন্ত্ৰীৰ ৷ তেওঁ কয় যে ১৯৮১ চনৰ দহটা প্ৰস্তাৱিত বন সংৰক্ষিত বনাঞ্চলৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয় ।
এক সপ্তাহৰ ভিতৰত জিলা আয়ুক্তক এখন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ বনমন্ত্ৰীৰ । জিলাখনৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে বালি খনন আৰু শিল বালিৰ ছিণ্ডিকেট বন্ধ কৰাৰ বাবে DFO ক নিৰ্দেশ দিব বুলি কয় মন্তব্য মন্ত্ৰী পাটোৱাৰীয়ে ৷ জিলাখনৰ বন বিভাগৰ চকুমুদা কুলিৰ ভাওজোৰা বিষয়া-কৰ্মচাৰীৰ ওপৰত নজৰ দিবলৈ ধুবুৰীৰ DFO ক নিৰ্দেশ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ।
লগতে পঢ়ক : এইবাৰ চৰকাৰৰ ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য : মুখ্যমন্ত্ৰী