মিত্ৰদলে কোন কেইখন আসনত ভাল ফলাফল দেখুৱাব বুলি ক’লে বিজেপিৰ সভাপতি ভৱেশ কলিতাই ? - Bhabesh Kalita on indi alliance
Published : Mar 8, 2024, 12:22 PM IST
ৰঙিয়া, 8 মাৰ্চ: ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত হোৱা সাংগঠনিক সভাত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কা আইন বলৱৎ সন্দৰ্ভত জুবিনে আগবঢ়োৱা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ ভৱেশ কলিতাই কয়, "মই এগৰাকী আইনৰ ছাত্ৰ আছিলো । এখন আইন গৃহীত হ'লে কাৰ্যকৰী হ'বই ৷ কেৱল আদালতেহে এইটো দিশৰ ওপৰত হস্তক্ষেপ কৰিব পাৰে ।"
আনহাতে বিৰোধী ঐক্য সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় কলিতাই কয়, "বিৰোধী মঞ্চ হৈছে এটা অমাংগলিক এলায়েঞ্চ, তেওঁলোকৰ কোনো ৰোড মেপ নাই, একচন প্লেন নাই ।" ৰাজ্যত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সমাপ্ত হোৱাৰ পাচতেই কংগ্ৰেছত আকৌ ধুমুহা অহাৰ ইংগিত দি সভাপতি ভৱেশ কলিতাই তিনি গগৈৰ প্ৰসংগত তেওঁৱোকৰ দলটো গগৈ আছে বুলি উল্লেখ কৰে তথা তিনি গগৈ বিজেপিৰ বাবে কোনো ফেক্টৰেই নহয় বুলি কয় ।
অচিৰেই বিজেপিত কংগ্ৰেছৰ কেইবাজনো নেতাই যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আগন্তুক নিৰ্বাচনত বিজেপিয়ে 12+ আসন পাব আৰু মিত্ৰদলে দুখন আসনত ভাল ফলাফল দেখুৱাব বুলিও দাবী কৰে বিজেপিৰ সভাপতিগৰাকীয়ে ।
লগতে পঢ়ক: 3 লাখ ভোটৰ ব্যৱধানত শেষ হাঁহি মাৰিব বুলি আত্মবিশ্বাসী সাংসদ দিলীপ শইকীয়া