অমৃত কালত এডাল বাঁহৰ সাঁকোৱে শেষ ভৰসা ছৈখোৱাবাসীৰ - বাঁহৰ সাঁকো
Published : Feb 19, 2024, 3:34 PM IST
তিনিচুকীয়া, ১৯ ফেব্ৰুৱাৰী : শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ অমৃত কালৰ সময়তে লখিমপুৰ লোকসভা সমষ্টি তথা শদিয়া বিধান সভা সমষ্টিৰ ছৈখোৱা পঞ্চায়তৰ অন্তৰ্গত মিঠাম খুঁটিপথাৰ গাঁৱত উন্নয়নৰ এক বিপৰীত ছবি দেখা পোৱা গৈছে ৷ এডাল বাঁহৰ সাঁকোৱে হৈছে গাঁওবাসীৰ শেষ ভৰসা ৷
কিন্তু মৰণত শৰণ দি গাঁওবাসীয়ে প্ৰতিদিনাই এডাল বাঁহৰ সাঁকোৰে কৰি গৈছে বিপদসংকুল যাত্ৰা ৷ কিন্তু ৰাইজৰ সমস্যালৈ মন কৰিবলৈ যেন কাৰোৰে আহৰি নাই ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ জানিব পৰা মতে, গাঁওখনৰ মাজেৰে বৈ গৈছে বান্দৰ খাল নামৰ সুঁতি ৷ এই সুঁতিটোৰ ওপৰত ৰাইজে যাতায়তৰ বাবে নিৰ্মাণ কৰি লৈছে এডাল বাঁহৰ সাঁকো । এই বাঁহৰ সাঁকোৰে দৈনিক পাৰাপাৰ হয় গাঁওবাসীৰ লগতে অঞ্চলটোৰ বহু ছাত্ৰ-ছাত্ৰী ৷
কেতিয়াবা এই সাঁকোৰে পাৰাপাৰ হওঁতে পথচাৰী পানীতো পৰি যায় ৷ সেয়ে এই অঞ্চলটোত এখন পকী দলং নিৰ্মাণ কৰিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাই আহিছে ৷ কিন্তু এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে সাংসদ প্ৰদান বৰুৱাৰ ফালৰ পৰাও কোনো সদুত্তৰ লাভ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷
উল্লেখ্য যে, দৈনন্দিত কেবখনো গাঁৱৰ ৰাইজে অহা-যোৱা কৰা এই সাঁকোডালেৰে পাৰ হ’লে পোৱা যায় ঐতিহাসিক কেঁচাখাইটি শাল । সেয়ে আগন্তুক নিৰ্বাচনৰ পূৰ্বে মিঠাম খুঁটিপথাৰ গাঁৱৰ ৰাইজে এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে ৷ অন্যথা তেওঁলোকে এইবাৰ ভোট বৰ্জনৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।
লগতে পঢ়ক : ভোট লৈ জয়ী হোৱাৰ পিচত প্ৰতিনিধিয়ে পাহৰে প্ৰতিশ্ৰুতিসমূহ