অসম

assam

ETV Bharat / videos

বঙাইগাঁৱত অগপৰ প্ৰাৰ্থিত্ব কাক ? সাংসদপত্নীক নে আন কাৰোবাক ?

By ETV Bharat Assamese Team

Published : 5 hours ago

Updated : 5 hours ago

চিৰাং, ১৬ অক্টোবৰ : বঙাইগাঁও বিধানসভাৰ উপ-নিৰ্বাচনক লৈ অগপ দলৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তুংগত উঠাৰ সময়তে দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত বুধবাৰে বঙাইগাঁৱত উপস্থিত হয় । প্ৰথমতে চিৰাং জিলাৰ ছাপাগুৰিস্থিত হোটেল ছিগনেটত অতুল বৰাই বঙাইগাঁও বিধানসভাৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী তথা বঙাইগাঁও জিলা অগপৰ সভাপতি বিজয় সিংহ, সম্পাদক শৈলেন ৰায়সহ দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মিলিত হয় । তাৰ পিছত দলীয় কৰ্মকৰ্তা আৰু চিদলী সমষ্টিৰ কৰ্মকৰ্তাৰ সৈতেও মিলিত হয় নেতাত্ৰয় ।

সভাৰ অন্তত সভাপতি অতুল বৰাই কয়, "অসম বিধানসভাৰ উপ-নিৰ্বাচনত ৫ টা সমষ্টিয়েই শাসকীয় মিত্ৰজোঁটে লাভ কৰিব ।" বঙাইগাঁও বিধানসভাত প্ৰাৰ্থিত্বকেন্দ্ৰিক কোনো সংঘাত নাই বুলি দাবী কৰাৰ লগতে তেওঁ কয়, "নিৰ্বাচন আহিছে । দিন ঘোষণা হৈছে ৷ সেয়ে আমি দলীয় কৰ্মকৰ্তাৰে আলোচনাত বহিছো । দুই এদিনতে প্ৰাৰ্থী ঘোষণা কৰা হ’ব । জিলা সমিতি, সমষ্টি সমিতিয়ে প্ৰাৰ্থী বাচনি কৰিব ।"

আজিৰ আলোচনাত সাংসদ ফণীভূষণ চৌধুৰীও উপস্থিত থাকে যদিও সংবাদ মাধ্যমৰ পৰা আতৰি থাকে সাংসদগৰাকী । বিশেষ সূত্ৰে জানিব পৰা মতে বঙাইগাঁও বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে অগপ দলে প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰাটো নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক: খেলিমেলি লাগিছে নেকি বঙাইগাঁও অগপত ? ৪০ বছৰীয়া দুৰ্গত অথন্তৰ

Last Updated : 5 hours ago

ABOUT THE AUTHOR

...view details