লুৰীণজ্যোতি গগৈক ভাল মানুহ বুলি কৈ অজাপ এৰি বিজেপিলৈ গ'ল সোঁহাতস্বৰূপ লিখন - AJP leader Lekhan Barua joins BJP
Published : Mar 14, 2024, 8:57 PM IST
ডিব্ৰুগড়,১৪ মাৰ্চ: লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰ । ৰাজ্যত অধিক শক্তিশালী ৰূপত থকা শাসকীয় দল বিজেপিয়ে ১১ খন আসন লাভ কৰাৰ দাবী উত্থাপন কৰি সমষ্টিয়ে সমষ্টিয়ে দলীয় সভা, যোগদান কাৰ্যসূচী অনুষ্ঠিতি কৰা পৰিলক্ষিত হৈছে । ডিব্রুগড় লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান । সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে বিজেপিয়ে ঘোষণা কৰা পাচতে বিৰোধীৰ ৰাজনৈতিক অংকত আউল লাগিছে ।
বৃহস্পতিবাৰে লুৰীণজ্যোতি গগৈৰ সোঁহাতৰূপে পৰিচিত লিখন বৰুৱাই যোগদান কৰিলে বিজেপিত । সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত চাবুৱাত বিজেপিত যোগদান নেতাগৰাকীৰ । প্ৰাক্তন ডিব্ৰুগড় জিলা আছুৰ সভাপতি তথা অসম জাতীয় পৰিষদৰ নেতা লিখন বৰুৱাই ২০১৯ চনত CAA আন্দোলনত অঞ্চলটোত নেতৃত্ব প্ৰদান কৰিছিল । আনকি বিগত বিধানসভা নিৰ্বাচনত লাহোৱাল সমষ্টিত জাতীয় পৰিষদৰ প্ৰাৰ্থী আছিল লিখন বৰুৱা । বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰি ৰাইজৰ সৈতে কাম কৰি যাব বুলি কয় নেতাগৰাকীয়ে । লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক ভাল মানুহ বুলি কৈ শুভেচ্ছা জ্ঞাপন কৰে গেৰুৱা বসন পিন্ধা লিখন বৰুৱাই ।
লগতে পঢ়ক: দীৰ্ঘদিনৰ প্ৰতিদ্বন্দ্বীক দললৈ আদৰণি মন্ত্ৰী যোগেন মহনৰ