অসম

assam

ETV Bharat / videos

সুদীৰ্ঘ পাঁচ বছৰৰ অন্তত ৰঙিয়াৰ এগৰাকী ধৰ্ষিতাই ন্যায় পালে - rape victim received justice

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 9:49 PM IST

ৰঙিয়া, ২৪ জুলাই: সুদীৰ্ঘ পাঁচ বছৰৰ অন্তত ৰঙিয়াৰ এগৰাকী ধৰ্ষিতাই ন্যায় পালে । ধৰ্ষণকাৰীক বিহা হ'ল চাৰি বছৰৰ কাৰাদণ্ড । ৰঙিয়াৰ অতিৰিক্ত সত্র ন্যায়াধীশ ও বিশেষ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান । ধৰ্ষণৰ গোচৰত অভিযুক্ত ৰঙিয়াৰ তৰণীৰ কন্দৰ্প কলিতাক আদালতত চাৰি বছৰ কাৰাদণ্ডৰ লগতে দহ হাজাৰ টকা জৰিমনা বিহে । ভুক্তভোগী মাতৃৰ অভিযোগত তৰা গোচৰৰ ভিত্তিত উপযুক্ত সাক্ষী আৰু প্ৰমাণৰ ভিত্তিত কন্দৰ্প কলিতাক এই শাস্তি প্ৰদান কৰে অতিৰিক্ত সত্ৰ ন্যায়াধীশ ও বিশেষ ন্যায়াধীশৰ আদালতে ।

ভুক্তভোগীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত ২০১৯ চনত ৰঙিয়া আৰক্ষীয়ে ৰুজু কৰিছিল এই গোচৰ । ৰঙিয়া সত্ৰ ন্যায়াধীশ আদালতত ৩৭৬ (১) ভৰতীয় দণ্ডবিধি /৮ POCSO আইনৰ অধীনত গোচৰটো বিচাৰাধীন অৱস্থাত আছিল সুদীৰ্ঘ পাঁচ বছৰে । অৱশেষত ৰঙিয়াৰ অতিৰিক্ত সত্র ন্যায়াধীশ ও বিশেষ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায় দিলে অভিযুক্ত কন্দৰ্প কলিতাৰ বিৰুদ্ধে । ধৰ্ষণকাৰী কন্দৰ্প কলিতাই শাস্তি লাভ কৰাৰ পিচত ধৰ্ষিতা যুৱতীগৰাকী আৰু মাতৃয়ে সন্তোষ প্ৰকাশ কৰে ।

লগতে পঢ়ক: নগাঁৱত চাৰি বছৰীয়া শিশুক যৌন নিৰ্যাতন : আৰক্ষীৰ জালত অভিযুক্ত - child sexual abuse in Nagaon

ABOUT THE AUTHOR

...view details